মুস্তাক–জাভেদৰ নেতৃত্বত গুৱাহাটীৰ পৰাই চলিছে গৰুৰ বৃহৎ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ ব্যস্ততাপূর্ণ পৰিৱেশৰ সুযোগ লৈ ৰাজধানী চহৰ গুৱাহাটীত সক্রিয় হৈ পৰিছে গৰুৰ ছিণ্ডিকেট চক্র৷ অসম আৰক্ষী আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত ইতিমধ্যে নামনি অসমত ভয়াৱহ ৰূপ ধাৰণ কৰা গৰুৰ ছিণ্ডিকেটে ইতিমধ্যে গুৱাহাটী মহানগৰীক সাঙুৰি লোৱাৰ পিছত এই ছিণ্ডিকেট চক্রই বিনাদ্বিধাই আৰম্ভ কৰিছে গো–ধনৰ অবাধ বেহা৷ নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ মাজেৰে এই ছিণ্ডিকেট চক্রটোৱে মেঘালয় হৈ চুবুৰীয়া বাংলাদেশলৈ প্রতিদিনে সৰবৰাহ কৰিবলৈ লৈছে গৰু৷ লক্ষণীয়ভাৱে গুৱাহাটীত গৰুৰ ছিণ্ডিকেট চলোৱা ৰেড্ডীৰ পিছতে এইবাৰ এই ছিণ্ডিকেট চক্রৰ হাতোৰা মেলি দিছে মুস্তাক আৰু জাভেদ নামৰ দুজন সন্দেহযুক্ত লোকে৷ লক্ষণীয় দিশটো হ’ল যে সম্পর্কত শহুৰ–জোঁৱাই এই মুস্তাক আৰু জাভেদক গৰুৰ চোৰাং বেহাৰ আঁৰৰ পৰা পূর্ণ সহযোগ আগবঢ়াইছে অসম আৰক্ষীৰ এটা চক্রই৷ খোদ ৰাজধানী গুৱাহাটীতে বাহৰ পাতি মুস্তাক আৰু জাভেদে প্রতিদিনে বিহাৰ আৰু উত্তৰ প্রদেশৰ পৰা কেইবাখনো কনণ্টেইনাৰত গৰু শ্রীৰামপুৰ হৈ গুৱাহাটীত প্রৱেশ কৰোৱাৰ পিছত ন–মাইল হৈ মেঘালয়লৈ আৰু তাৰ পিছত বাংলাদেশলৈ চালান দি আহিছে৷

মন কৰিবলগীয়া যে এসময়ত ৰাজস্থানৰ পৰা আহি গুৱাহাটীত ছাগলীৰ ব্যৱসায়েৰে জীৱন পোহপাল দিয়া মুস্তাকে  কিছু বছৰৰ পৰা ছেগা–চোৰোকাকৈ আৰম্ভ কৰিছিল গৰুৰ চোৰাং বেহা আৰু এইক্ষেত্রত মুস্তাকক সহযোগ আগবঢ়াইছিল অসম আৰক্ষীৰ কেইজনমান বিষয়াই৷ সেয়াই আৰম্ভণি৷ কংগ্রেছৰ কার্যকালত ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা এইজন মুস্তাকে জোঁৱায়েক জাভেদক লগত লৈ এতিয়া প্রতিসপ্তাহতে বিহাৰ, ঝাৰখণ্ড, উত্তৰপ্রদেশ, পঞ্জাবৰ পৰা বৃহৎ কণ্টেইনাৰেৰে গুৱাহাটী হৈ বাংলাদেশলৈ চালান দি আছে গৰু৷ উত্থাপিত অভিযোগ অনুসৰি গৰুৰ চোৰাং বেহাৰ বাবে মুস্তাক বাহিনীয়ে ঠায়ে ঠায়ে নিয়োগ কৰিছে এজেণ্ট৷ ধুবুৰী, বৰপেটা, বাইহাটা চাৰিআলি আৰু গুৱাহাটীৰ খানাপাৰাত এজেণ্টৰ জৰিয়তে গৰুসমূহ নিয়া হয় ন–মাইল বজাৰলৈ৷ তাৰ পিছত গাৰোপাহাৰ জিলাৰ একাংশ ঠাইলৈ৷ ইয়াৰ বিনিময়ত প্রতিজন এজেণ্টক ৫,০০০ টকাৰ পৰা ৮,০০০ টকাৰ কমিছন দিয়া হয়৷

বিহাৰ, উত্তৰ প্রদেশ আৰু ঝাৰখণ্ডৰ পৰা ১৫–২০ হাজাৰ টকাৰে ক্রয় কৰি অনা প্রতিটো গৰুৰ বিপৰীতে এই ছিণ্ডিকেট চক্রৰ বাংলাদেশত গৰুৰ কণ্টেইনাৰ প্রৱেশ কৰোৱালেই প্রতি গৰুৰ বিপৰীতে লাভ কৰে ৮০ হাজাৰ টকাৰ পৰা ১.৩০ লাখ টকালৈ৷ অভিযোগ অনুসৰি বহিঃৰাজ্যৰ পৰা বিভিন্ন কৌশলেৰে অসমত প্রৱেশ কৰা গৰু এই কণ্টেইনাৰসমূহক গুৱাহাটী অথবা গাৰো হিলছলৈ নিয়াৰ ক্ষেত্রত পূর্ণ সহযোগ আগবঢ়াই আহিছে এচাম ৰাজনৈতিক নেতা আৰু একাংশ আৰক্ষী বিষয়াই৷ গুৱাহাটীত প্রৱেশৰ পিছতেই জাভেদ বাহিনীয়ে গৰুৰ এই কণ্টেইনাৰসমূহ গতাই দিয়ে দিলদাৰ নামৰ এজন এজেণ্টক৷ এই দিলদাৰেই হৈছে ছিণ্ডিকেট চক্রৰ মূল হোতা৷ দিলদাৰৰ নির্দেশতেই কার্যতঃ বহিঃৰাজ্যৰ পৰা কিমানসংখ্যক গৰু আহিব, সেয়া নির্ধাৰণ হয়৷ বাংলাদেশৰ গৰুৰ বজাৰৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা এই দিলদাৰেই মুস্তাক বাহিনীৰ হৈ এতিয়া চোৰাং ব্যৱসায় তদাৰক কৰিবলৈ লৈছে৷ একমাত্র দিলদাৰেই নহয়, গাৰো হিলছ হৈ বাংলাদেশলৈ গৰু সৰবৰাহৰ ক্ষেত্রত কেইবাজনো খাছিয়া লোকে প্রত্যক্ষভাৱে সহযোগ আগবঢ়াইছে এই ছিণ্ডিকেট চক্রক৷ সমান্তৰালভাৱে মেঘালয় আৰক্ষীয়ে শেহতীয়াকৈ বৃহৎ কমিছনৰ বিনিময়ত গৰুৰ ছিণ্ডিকেট চক্রক আগবঢ়াইছে প্রত্যক্ষ সহযোগ৷

জানিব পৰা মতে, গাৰো হিলছৰ একাংশ খাছিয়া লোকৰ জৰিয়তে বাংলাদেশত গৰু নমাৰ পিছত ইয়াৰ বিপৰীতে যি ধন আহিব লাগে সেয়া লাভ কৰে মুস্তাক বাহিনীয়ে৷ এনেদৰে এক বিশাল নেটৱর্কৰ জৰিয়তে গুৱাহাটীৰ মাজেৰে চলিছে গৰুৰ বৃহৎ চোৰাং ব্যৱসায়৷ লক্ষণীয় দিশটো হ’ল যে এক দীঘলীয়া পথ অতিক্রম কৰি গুৱাহাটীত এনেদৰে প্রতিসপ্তাহতে ১৫–২০খন বৃহৎ গৰুৰ কণ্টেইনাৰ প্রৱেশ কৰাৰ পিছতো অসম আৰক্ষীয়ে এইক্ষেত্রত চকুমুদা কুলিৰ ভাও ধৰা বিষয়টোৱে সকলোকে স্তম্ভিত কৰি তুলিছে৷ মাজে–সময়ে আৰক্ষীয়ে দুই–এখন গৰু সৰবৰাহ কৰা ট্রাক জব্দ কৰে যদিও সেয়া যে স্বচ্ছতা দেখুৱাবলৈ কৰা অভিযান, ইতিমধ্যে সেয়া স্পষ্ট হৈ পৰিছে৷ একমাত্র আৰক্ষীয়েই নহয়, শাসকীয় দলৰ একাংশ নেতায়ো এই ছিণ্ডিকেট চক্রক পূর্ণ সহযোগ আগবঢ়োৱাৰ ক্ষেত্রত গুৱাহাটী মহানগৰী এতিয়া গৰুৰ চোৰাং বেহাৰ হাব হৈ পৰিছে৷

Featured