ছমৰীয়াৰ মাকেলী পথাৰত পানীত ডুবি এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত  অব্যাহত আছে বান বিভীষিকা। ৰাজ্যৰ চৌদিশে কালৰূপ ধাৰণ কৰা বানপানী কিছুপৰিমাণে হ্ৰাস হৈছে যদিও ঠায়ে ঠায়ে এতিয়াও আছে বানৰ তাণ্ডৱ। বান বিভীষিকাৰ মাজতে ছমৰীয়াৰ মাকেলী পথাৰৰ নৈৰ সূঁতিত আজি পুৱাৰ ভাগত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য, ছমৰীয়াৰ সমীপৰ বৰুৱাগাঁৱৰ প্ৰয়াত টফুলুদ্দিনৰ পুত্ৰ চাহজাহান আলী (৪৭) নামৰ এজন লোকে কালি গৰু চৰাবলৈ মাকেলী পথাৰলৈ বুলি পুৱাই ওলাই আহিছিল। ইয়াৰ পিছতে নিশা পৰ্যন্ত চাহজাহান আলী ঘৰলৈ উভতি নহাত নিশাৰে পৰা গাঁৱৰ বহুকেইজন লোকে বিছাৰ খোচাৰ কৰাত আজি পুৱা মাকেলী পথাৰত নৈৰ সূঁতিত তেওঁক পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে। পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে ছমৰীয়া আৰক্ষী চকীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ দল এটি উপস্থিত হৈ স্থানীয় গাওঁবুঢ়াৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰে। দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি চলি থকা চাহজাহান আলীৰ মৃত্যুয়ে পৰিয়ালটোলৈ নমাই আনিছে কাল অমানিশা। দুৰ্ভগীয়া পৰিয়ালটোৱে একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা স্থানীয় প্ৰশাসনক পৰিয়ালটোক সহায় কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

প্ৰেৰক প্ৰীতম বায়ন

Featured