গা ধুবলৈ গৈ বুঢ়ীদিহিঙৰ বুকুত সন্ধানহীন বিবাহিত মহিলা

বিশেষ বার্তা, ২৩ ছেপ্টেম্বৰ : নাহৰকটীয়াৰ পাৰ্শ্বৱৰ্তী তথা জয়পুৰ থানাৰ অধীনৰ দিহিং কিনাৰ বঙালী গাঁও (উত্তম মাটি)ত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এই ঘটনাত বুঢ়ীদিহিং নদীত গা ধুবলৈ যাওঁতে সন্ধানহীন হয় এগৰাকী বিবাহিতা মহিলাৰ। পুৱা সংঘটিত হোৱা এই ঘটনাত সলিল সমাধি ঘটা বুলি সন্দেহ কৰা এই মহিলা গৰাকী হল ৰাজু মুৰাৰীৰ পত্নী সৰলা বৰ্মন। ইফালে ঘটনাৰ খবৰ পাই জয়পুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰে দিয়া খবৰৰ ভিত্তিত নাহৰকটীয়াৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক আহি বুঢ়ীদিহিঙৰ বুকুত সন্ধানহীন হোৱা মহিলাগৰাকীৰ সন্ধানত নদীৰ বুকুত অভিযান চলায় যদিও এইপয্যন্ত মহিলাগৰাকীৰ কোনো সন্ধান ওলোৱা নাই। উল্লেখযোগ্য যে বৰ্তমান সন্ধিয়া নামি অহা বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিজৰ অভিযান সামৰিছে যদিও কাইলৈ পুৱাৰ পৰা তেওঁলোকে পুনৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

Featured