ৰাজ্যত অভিলেখসংখ্যক ৭৪,০৩৭ শিক্ষাৰ্থীৰ এবিভিপিৰ সদস্যপদ গ্ৰহণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ আগষ্টঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশৰ ব্যাপক সদস্যভৰ্তি দিৱসত এবিভিপিৰ ১১৮টা শাখাৰ ৩১৯খন মহাবিদ্যালয়-বিদ্যালয়ত ১,৫৫৪গৰাকী কাৰ্যকৰ্তাৰ অংশগ্ৰহণেৰে ৩১,৮৪২গৰাকী ছাত্ৰ-ছাত্ৰীৰ সদস্যতা সম্পন্ন কৰা হয়। এতিয়ালৈকে অভিলেখসংখ্যক ৭৪,০৩৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যাৰ্থী পৰিষদৰ সদস্যতা গ্ৰহণ কৰিছে। বিবৃতি জাৰি কৰি বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে বিদ্যাৰ্থী পৰিষদ হৈছে সমগ্ৰ অসমৰ একমাত্ৰ ছাত্ৰ সংগঠন যিয়ে বৰাক ব্ৰহ্মপুত্ৰ আৰু জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ কণ্ঠ হিচাপে কাম কৰি ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে ৰূপান্তৰিত কৰি ব্যক্তি নিৰ্মাণৰ জড়িয়তে ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ কাম কৰি আহিছে। বিদ্যাৰ্থী পৰিষদৰ সদস্যতা অভিযান অসম বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয়কে ধৰি অসমৰ প্ৰায় ৩১৯ খন শিক্ষা প্ৰতিষ্ঠানত সফলতাৰে অনুষ্ঠিত হয়। অসম প্ৰদেশৰ এইবাৰৰ সদস্যতা অভিযানৰ প্ৰমুখ তথা বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশৰ ৰাজ্যিক যুটীয়া সম্পাদক কনক লালে আজি কয় যে এইবাৰ অসম প্ৰদেশৰ সদস্যতা এক লাখৰ সীমা অতিক্ৰম কৰিব আৰু আগন্তুক ৫ ছেপ্টেম্বৰলৈ এই সদস্যতা অভিযান চলিব।

Featured