বৰহোলাত শিলভৰ্তি ডাম্পাৰৰ চেপাত ছিগিল মহিলাৰ ভৰি

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : তিতাবৰ মহকুমাৰ বৰহোলা গড়াজান জি জি এছ চাৰিআলিত আজি এখন শিলভৰ্তি ডাম্পাৰ আৰু এখন স্কুটীৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত স্কুটীত যোৱা দুগৰাকী মহিলা গুৰুতভাৱে আহত হয়। জানিব পৰা মতে বেকাজান দিশৰ পৰা যোৰহাট অভিমুখে গৈ থকা এ এছ ০৯চি ৬৭২০ নম্বৰৰ এখন শিল কঢ়িওৱা ডাম্পাৰক এ এছ ০৩ এ এফ ২৪০১ নম্বৰৰ এখন স্কুটিয়ে অভাৰটেক কৰিবলৈ লওঁতেই স্কুটীখনে হৰ্ঠাৎ ব্ৰেক মাৰি ৰৈ দিয়াত ডাম্পাৰখনে মহটিয়াই নিয়ে। ফলত স্কুটীখনৰ পিছৰ চিতত বহি যোৱা ঊষা মিছিং নামৰ এগৰাকী মহিলাৰ এটা ভৰি ডাম্পাৰখনৰ চকাৰ তলত পৰাত ভৰিটো সম্পূৰ্ণকৈ চেপা খাই ছিগি যায়। আনহাতে স্কুটী চলাই যোৱা ৰজন্তী পলং নামৰ মহিলাগৰাকী দূৰৈত চিটিকি পৰাত গুৰুতভাৱে আহত হয়। ঘটনাৰ খবৰ পাই বৰহোলা আৰক্ষী উপস্থিত হৈ গাড়ীৰ ড্ৰাইভাৰ ইন্দ্ৰজিৎ পলং আৰু ডাম্পাৰখন জব্দ কৰে। ইফালে গুৰতৰভাৱে আহত দুয়োগৰাকী মহিলাক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে বৰহোলা আৰক্ষীয়ে অতিৰিক্ত বোজাই কঢ়িয়াই নিয়া ডাম্পাৰসমূহ নিয়ন্ত্ৰণ নকৰাৰ বাবেই এতিয়া সাধাৰণ পথচাৰী বাবে শিল আৰু ছেণ্ডগ্ৰেভেল কঢ়িওৱা ডাম্পাৰসমূহ আতংকৰ কাৰণ হৈ পৰিছে বুলি একাংশ লোকে ব্যক্ত কৰিছে।

প্ৰেৰক অজয় শইকীয়া

Featured