পাটাছাৰকুছিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত ৰক্তিম প্ৰতিম শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ পাটাছাৰকুছিৰ নিকটবৰ্ত্তী কুঁৱাৰাত শ্বহীদ মদন ৰাউতা গড়কাপ্টানী পথত সংঘটিত এক ভয়াৱহ পথ দূৰ্ঘটনাত এজন যুৱক নিহত দয়৷ নিহত যুৱকজন পাটাছাৰকুছিৰ সমীপৱৰ্তী কুঁৱাৰা নিৱাসী নিতেন শৰ্মাৰ পুত্ৰ ৰক্তিম প্ৰতিম শৰ্মা৷ ঘটনাৰ বিৱৰণী অনুসৰি নিজৰ ঘৰৰপৰা পাটাছাৰকুছি নগৰলৈ AS14P5394 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী চাৰিচকীয়া ভেনু (AS01FH1324) বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয়৷ ফলত তেওঁ গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়৷ ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে ততাতৈয়াকৈ ৰক্তিমক পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইতিমধ্যে ৰক্তিমে মৃত্যুক সাৱটি লয়৷ আনহাতে ভয়াবহ দূৰ্ঘটনাটো সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ চালক নিত্যানন্দ গোঁসাইপাৰাৰ গৌৰৱ গোস্বামীক আৰক্ষীয়ে আটক কৰিছে৷ ঘটনাৰ পিছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতি হয় আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰে৷ আনহাতে চাৰিচকীয়া বাহনখনৰ চালকজন সুৰাসক্ত আছিল বুলি জানিব পৰা গৈছে৷ তেওঁ নলবাৰীত মেনকাইন্দ ফাৰ্মা নামৰ ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেনটেটিভ হিচাপে কৰ্মৰত আছিল৷ অঞ্চলটোৰ এগৰাকী অত্যন্ত সৰবৰহী, মৃদুভাষী আৰু মৰমিয়াল যুৱক হিচাপে পৰিচিত ৰক্তিমৰ অকাল বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি এক শোকাকুল পৰিবেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃৰ লগতে এজন ভাতৃক ইহ সংসাৰত এৰি যায়৷

প্ৰেৰক উৎপল মেধি

Featured