ৰূপহীহাটৰ ছাইদৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ৰূপহীহাটৰ ছাইদৰীয়াত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এএছ-০২-এএম-৪২৭৪ আৰু এএছ-০২-এজি-৭২৮০ নম্বৰৰ তীব্ৰ বেগী বাইক দুখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটি ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় ৩জন লোক৷ আহতসকলক ৰাইজৰ তৎপৰাত প্ৰথমে ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰায় যদিও ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মডিকেল কলেজলৈ প্ৰেৰণ কৰ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ বাইক দুখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷

প্ৰেৰক জহিৰুল ইছলাম

Featured