নিৰ্বাচনী বৈতৰণী পাৰৰ লক্ষ্যৰে ধুবুৰীত বাহৰ আজমলৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়েই হওক বা ধুবুৰীৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ আব্দুল হামিদেই হওক অথবা অইন কোনো ধনীক শ্ৰেণীৰ মানুহে যিয়েই বক্ৰপথেৰে ধুবুৰী জিলাৰ গৌৰীপুৰ সমীপৰ আলমগঞ্জ অঞ্চলৰ ৰাঙামাটি সমবায় সমিতি বিশাল ভূমি কুক্ষিগত কৰিছে তেওঁলোক সকলোৱে সেই মাটি উভতাই দিব লাগিব। আজি ধুবুৰী জিলাৰ গৌৰীপুৰ এই হুংকাৰ প্ৰদান কৰে ধুবুৰীৰ সাংসদ তথা এইআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে। সাংবাদিক সন্মুখত বিষয়টো লৈ প্ৰয়োজনবোধে উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলিও দাৱী কৰে সাংসদগৰাকীয়ে। আনহাতে, সাংবাদিকৰ আলমগঞ্জস্থিত সমবায় সমিতিৰ ভূমি বেদখলৰ অভিযোগত অঞ্চলটোৰ বহু পৰিয়ালে পোৱা উচ্ছেদৰ জাননী সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে কথা পাতিব বুলি জনায় তেওঁ। উল্লেখ্য যে, সমাগত পঞ্চায়ত আৰু তাৰ পিছত হ’বলগীয়া ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত এক এসপ্তাহৰ এক দীঘলীয়া কাৰ্য্যসূচীৰে আজি ধুবুৰীত আহি উপস্থিত হৈছে সাংসদগৰাকী।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured