শীঘ্রে ঐক্যবদ্ধ হ’ব অজাপ ৰাইজৰ দল: কংগ্রেছৰে নকৰে মিত্রতা

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ সকলো অনিশ্চয়তাৰ যৱনিকা পেলাই শীঘ্রে ঐক্যবদ্ধ হ’ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল৷ শনিবাৰে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে অজাপৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই৷ মহানগৰীৰ তীর্থনাথ শর্মা ভৱনত আয়োজিত এক যোগদান কার্যসূচীত অংশগ্রহণ কৰি ভূঞাই কয় যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নিশ্চিতভাৱে একত্রিত হ’ব৷ নৱেম্বৰত এই প্রক্রিয়া আৰম্ভ হ’ব৷ এইপর্যন্ত দুয়োটা দলৰ মাজত আনুষ্ঠানিকভাৱে কোনো আলোচনা হোৱা নাই যদিও জাতীয় পৰিষদে নীতিগতভাৱে এই সিদ্ধান্ত ঘোষণা কৰিছে৷ প্রতিটো সমষ্টিত আঞ্চলিক শক্তিৰ এজন প্রার্থী প্রক্ষেপ কৰা হ’ব বুলি মন্তব্য কৰি জগদীশ ভূঞাই লগতে কয় যে অসমৰ সকলো জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল, যিসমূহ দল সর্বভাৰতীয় আৰু সাম্প্রদায়িক দলৰ লগত জড়িত হৈ থকা নাই, তেনে দলৰ লগত অসম জাতীয় পৰিষদে মিত্রতা কৰি ঐক্যবদ্ধভাৱে ২০২১ চনৰ নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ এই প্রচেষ্টা শীঘ্রে হাতত লোৱা হ’ব আৰু নৱেম্বৰত ইয়াৰ ৰূপৰেখা প্রস্তুত হৈ উঠিব৷

অসমৰ আঞ্চলিক শক্তিসমূহে ঐক্যবদ্ধভাৱে অহা নির্বাচনত অৱতীর্ণ হ’ব আৰু সর্বভাৰতীয় দলসমূহৰ বিৰুদ্ধে প্রতিটো সমষ্টিত আঞ্চলিক শক্তিৰ এজন প্রার্থী থাকিব৷ ইফালে, অসমত এতিয়াও মোগলৰ শাসন চলি আছে বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কৰা মন্তব্যৰ প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় যে দিল্লীৰ শাসনত থকা ৰাষ্ট্রীয়তাবাদী দলসমূহ হৈছে প্রকৃত মোগল৷ তেওঁলোকে অসমৰ অস্তিত্ব বিলুপ্ত কৰিবলৈ আমাৰ ওপৰত ‘কা’ জাপি দিছে, ই আই এ জাপি দিছে৷ এইবাৰৰ নির্বাচন দুটা শক্তিৰ মাজত অনুষ্ঠত হ’ব৷ এটা ৰাষ্ট্রীয়তাবাদী শক্তি আৰু আনটো আঞ্চলিকতাবাদী শক্তি৷ আঞ্চলিকতাবাদী শক্তিয়ে ঐক্যবদ্ধভাৱে ৰাষ্ট্রীয়তাবাদী শক্তিৰ বিৰুদ্ধে যুঁজ দিব৷

উল্লেখ্য যে শনিবাৰে অগপ এৰি অসম জাতীয় পৰিষদত যোগদান কৰে আদিবাসী ছাত্র সন্থাৰ প্রাক্তন সভাপতি ৰাফেল কুজুৰে৷ তেওঁৰ লগতে মুঠ ৩৪গৰাকী ব্যক্তিয়ে আজি দলটোত যোগদান কৰে৷ উল্লেখ্য যে সদৌ অসম ছাত্র সন্থা–সম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত জন্ম হোৱা অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতি, সংযুক্ত আঞ্চলিক দল, বীৰ লাচিত সেনা, ৭০ সংগঠনৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দলৰ মিত্রতাক কেন্দ্র কৰি বিগত সময়ছোৱাত ব্যাপক জল্পনা–কল্পনা চলি আহিছিল৷ এই বিষয়ৰ অনিশ্চয়তাৰ ওৰ পেলাই আজি অজাপৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত দুয়োটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ মিত্রতা হ’বই বুলি দৃঢ় ঘোষণা কৰে৷ এই ঘোষণাই অসমৰ আঞ্চলিক ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে৷