বালিপৰাৰ ফুলবাৰীত ৰক্তহীনতা চিনাক্তকৰণ শিবিৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি বালিপৰা সংহত শিশু উন্নয়ন প্ৰকল্পত মাহজোৰা কাৰ্যসূচীৰে “পোষণ মাহ-২০২৪” আৰম্ভ কৰা হৈছে। সেই উদ্দেশ্যে কালি চাহ বাগিচাৰ পৰিৱেশৰ মাজত অৱস্থিত বালিপৰাৰ সমীপৱৰ্তী ফুলবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য বিভাগৰ সহযোগত এটি ৰক্তহীনতা চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হয় শিবিৰটোত বিদ্যালয়খনৰ নিকটৱৰ্তী অঞ্চলৰ গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু বিদ্যালয়ৰ ১৪ পৰা ১৮ বছৰৰ কিশোৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী অনুসৰি বিদ্যালয়ত ৰক্তহীনতা নিৰ্মূলকৰণৰ সন্দৰ্ভত এখনি সজাগতা সভাও অনুষ্ঠিত হয়। সভাত বালিপৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ছায়াশ্ৰী দেৱী চৌধুৰী, খণ্ড সমন্বয়ক পল্লৱ মজুমদাৰ প্ৰমুখ্যে খণ্ড প্ৰকল্প সহায়ক, মুখ্য সেৱিকা সকল, বিদ্যালয়খনৰ অধ্যক্ষ,শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু নিকটৱৰ্তী অঞ্চলৰ ভালেমান মহিলা উপস্থিত থাকে। বালিপৰা প্ৰকল্পৰ খণ্ড প্ৰকল্প সহায়ক সীমান্ত শৰ্মাই আঁত ধৰা সভাখনত প্ৰকল্প বিষয়াগৰাকীয়ে ৰক্তহীনতাৰ কাৰণ আৰু নিৰ্মূলকৰণৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সভাত মূখ্যসেৱিকা সকলে পোষণ মাহৰ লগত সংগতি ৰাখি গীত-মাতেৰে সভাথলী মুখৰিত কৰাত অন্তত দিন যোৰা কাৰ্যসূচীৰ সামৰণি পৰে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

Featured