নলবাৰীত মোমায়েকৰ ঘৰৰ পুখুৰীত সলিল সমাধি অংকিতা-দীক্ষিতাৰ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ এক শোকাৱহ ঘটনাই জোকাৰি গ’ল সমগ্ৰ নলবাৰী। পুখুৰীত গা ধুবলৈ গৈ একেলগে সলিল সমাধি হৈছে দুগৰাকী কিশোৰীৰ। নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ক্ষুদ্ৰ কটলা বৰকুছিত ঘটিছে এই শোকাৱহ ঘটনাটো। জানিব পৰা মতে মৃত কিশোৰী দুগৰাকী হ’ল অংকিতা শৰ্মা (১৮) আৰু দীক্ষিতা শৰ্মা (১৩)। মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল’লে দুয়োগৰাকীয়ে। দুগৰাকী ছাত্ৰীৰ মৃত্যুক লৈ নলবাৰীত শোকৰ ছাঁ পৰিছে। সম্প্ৰতি নলবাৰী অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে দুয়োগৰাকীৰ মৃতদেহ। জানিব পৰা মতে অংকিতা শৰ্মাৰ ঘৰ ধমধমাত আৰু দীক্ষিতা শৰ্মাৰ ঘৰ টিহুত ৷
প্ৰেৰক শ্বাহ আলম আহমেদ
Featured