মাধৱদেৱৰ তিৰোভাৱ তিথিঃ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত সত্ৰভূমি মাজুলী

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিস্য বঢ়াৰ পো ব সম্বোধিত অৱতাৰি মহাপুৰুষ মাধৱদেৱৰ আজি ৪২৬সংখ্যক তিৰোভাৱ তিথি। গুৰুজনাৰ মৃত্যু তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰি লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী। মাধৱ বান্ধৱক স্মৰন কৰিছে মাজুলীৰ প্ৰতিখন গাৱৰ নামঘৰ আৰু সত্ৰৰ শিষ্য প্ৰশিষ্যসকলে। গুৰু বন্দনাৰে মুখৰিত অধ্যাত্মিক ক্ষেত্ৰ মাজুলী আকাশ বতাহ । মাজুলীৰ ৩৩ খন   সত্ৰ আৰু দুই শতাধিক নামঘৰত পূঁৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থকা দিখা যায় । মাজুলীৰ ভোগপুৰ ,উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰিছে। চাউল ভোজনী, থাপনি, আজি মুলতিথি ইয়াৰ পাছত ভাঙনী, আজি পুৱাৰ পৰা পূৱাগীত, নামঘোষা কীৰ্তন ঘোষা ,আদি ৰ পাছত গায়ন বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশিত হৱ। গুৰুজনাৰ সৃষ্টি ভাওনাত  পৰিবেশন হৱ। মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি  মাজুলীৰ ৩৩খন সত্ৰ দুই শতাধিক নামঘৰ আজি উদযাপন কৰিছে। মুখৰিত হৈ থাকিব নাম প্ৰসংগৰে। দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী। ঐতিহাসিক কমলাবাৰী সত্ৰত  মাধৱদেৱ  তিথি বিস্তৃত আড়ম্বৰপূৰ্ণ পালন কৰি আহিছে। কাৰ্যসূচী চাৰিদিনীয়া : চাউল ভোজনী, থাপনি মূল কীৰ্তন আৰু ভাঙনী। কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ’ল সত্ৰৰ সমূদায় সংগীত সম্ভাৰক অক্ষুন্ন অবিছিন্ন ৰীতিৰে পৰিবেশন ধণ্য কৰি তোলাৰ এটি বছৰেকীয়া কাৰ্যক্ৰমনিকা। মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীএলেঙী নৰসিংহ সত্ৰতো পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গুৰু তিথি। পুৱা খোল প্ৰসংগ ভাগৱত,নাম প্ৰসংগ ঠিয়নাম আদি অনুষ্ঠিত কৰিছে পুৱাৰ ভাগত। নৰসিংহ সত্ৰৰ ঠিয়নামৰ পৰম্পৰা ৩০০ বছৰীয়া পুৰনি । সকলো ভকত বৈষ্ণৱে বৰতাল লৈ থিয়নাম গাই বিয়লি ভাগত সত্ৰৰ পৰিৱেশ মধুময় কৰি তোলে ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
Featured