বৰপেটাৰ মন্দিয়াত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাৰ মন্দিয়া সমষ্টিতো অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰা হয়। আজি সমগ্ৰ ৰাজ্যতে মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধনী কৰে এই জনহিতকৰ সৰ্ববৃহৎ অভিলাষী আঁচনিখন। মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই শুভাৰম্ভণি অনুষ্ঠানটিত বৰপেটা জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তৱ কলিতাৰ লগতে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোনবৰ চুতীয়া উপস্থিত থাকে। প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকি অৰুণোদয় ৩.০ আঁচনি সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়াই উপস্থিত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। উক্ত অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ প্ৰায় দুই সহস্ৰাধিক ব্যক্তি উপস্হিত থাকে। জাতীয় সংগীতৰে আৰম্ভ হোৱা অনুষ্ঠানটি শেষত ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি পৰে।

প্ৰেৰক আব্দুল আজিজ আহমেদ