গৰিমা বিলুপ্তপ্ৰায় অবিভক্ত গোৱালপাৰাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ অসম সংঘ ভৱনৰ

বিশেষ প্ৰতিবেদন অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ২৫ ছেপ্টেম্বৰঃ এসময়ৰ ধুবুৰী তথা পুৰণি গোৱালপাৰা জিলাৰ সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ স্বৰূপ “অসম সংঘ ভৱন”ৰ এতিয়া এৰাবাৰীসদৃশ অৱস্থা। ১৯৪৮ চনতেই স্থাপিত হোৱা অসম সংঘ ভৱনৰ বৰ্তমানৰ অসম আৰ্হিৰ গৃহটো নিৰ্মাণ কৰা হৈছিল ১৯৫৬ চনত। কালৰ গতিত অসম সংঘ ভৱনৰ পুৰণি গৰিমা বৰ্তমানে বিলুপ্তপ্রায়। কিন্তু, এসময়ত এই ভৱনটোৰ মঞ্চ অলংকৃত কৰি থৈ গৈ গৈছে অসমকে দেশৰ সাংস্কৃতিক জগতৰ বহু কেইবাগৰাকী উজ্জ্বল নক্ষত্রই। কলাগুৰু বিষ্ণু প্রসাদ ৰাভা, ভাৰতৰত্ন তথা সুধাকণ্ঠ ভূপেন হাজৰিকা হাজৰিকা, কর্ণাটকী শাস্ত্রীয় সংগীতৰ বিশিষ্ট সংগীত শিল্পী তথা অভিনেত্ৰী, ভাৰতৰত্ন এম. এচ. সুব্বুলক্ষ্মী, যশস্বী অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ ফনি শৰ্মা, প্ৰখ্যাত গায়িকা পাৰভীন চুলতানাকে ধৰি বহু বৰেণ্য শিল্পীয়ে। পুৰণি সেই সমৃদ্ধিশালী ইতিহাসৰ সাক্ষী বহন কৰি অসম সংঘ ভবন এতিয়াও জৰাজীৰ্ণ ৰূপত হ’লেও থিয় হৈ আছে ধুবুৰী চহৰৰ ১নং ৱাৰ্ডত। উল্লেখ্য যে, অসম সংঘ ভবন পুনৰ নিৰ্মাণৰ ব্যৱস্থা লোৱাৰ বাবে ২০১২ চনতেই ধুবুৰী জিলাৰ তদানীন্তন উপায়ুক্ত কুমুদ চন্দ্র কলিতাৰ ওচৰত আবেদন কৰা হৈছিল যদিও দিঠকত গৈ একোকে হোৱা নাছিল। তাৰ তিনি বছৰ পিছত ২০১৫ চনত অসম সংঘ ভৱনৰ পৰিচালনা কমিটিয়ে ধুবুৰী জিলাৰ তদানীন্তন উপায়ুক্ত নজৰুল ইছলামকো অনুৰূপ অনুৰোধ জনাইছিল। এয়াই শেষ নহয়; পৰৱৰ্তীতো বিভিন্ন সময়ত অসম সংঘ ভৱনৰ পুনৰ নিৰ্মাণৰ বিষয়টো লৈ কৰা হৈছিল বিভিন্ন আবেদন-নিবেদন। অৱশ্যে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত একাংশৰ অদূৰৰ্শিতা তথা নিজৰ নিজৰ আধিপত্য অক্ষুন্ন ৰখাৰ মানসিকতাৰ বাবেও অসম সংঘ ভবনৰ অধোগামী যাত্ৰা আৰম্ভ হোৱা বুলিও কব বিচাৰে স্থানীয় ভূৰখা মহল একাংশই। পিছে প্ৰকৃত সত্য যিয়েই নহওক কিয়; আজিলৈ কিন্তু অসম সংঘ ভৱনৰ পুনৰ নিৰ্মাণৰ বিষয়টো লৈ তৎপৰতা দেখা পোৱা যোৱা নাই প্ৰশাসন যন্ত্ৰৰ। আনকি, ধুবুৰী পৌৰসভাই চহৰখনত ৰূপায়িত কৰি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ মানচিত্ৰতো অসম সংঘ ভবনে স্থান নোপোৱাটো কিন্তু দূৰ্ভাগ্যজনক ৰূপেই পৰিগণিত হৈছে। পিছে, ধুবুৰী তথা পুৰণি গোৱালপাৰা জিলাৰ কলা-কৃষ্টি, সাংস্কৃতিক জগতৰ দীৰ্ঘ ইতিহাসৰ সাক্ষী, অসম সংঘ ভবনৰ সংৰক্ষণৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা থকা বুলি দীৰ্ঘ বহু বছৰৰ পৰাই উচ্চাৰিত কৰি অহা পোৱা গৈছে বহু সংস্কৃতিবান ৰাইজ। তাৰেই পৰিপ্ৰেক্ষিতত, অসমৰ সংস্কৃতি আৰু ইতিহাস সংৰক্ষণ বিষয়টো সদায়ে অগ্ৰাধিকাৰ দি অহা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সু-প্ৰাচীন, সমৃদ্ধিশালী ইতিহাসৰ সাক্ষী ধুবুৰীৰ অসম সংঘ ভবনৰ সংৰক্ষণৰ বিষয়টোলৈ হস্তক্ষেপ কৰাটো কামনা কৰিছে বহুতেই।

Featured