নগৰবেৰাত বিধ্বস্ত দলঙত যাতায়াতৰ আহুকাল

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : অতিকে বিধ্বস্ত এখন কাঠৰ দলং। দলংখনৰ মাজভাগত কাঠবোৰ পচি সৰি পৰিল তললৈ। জনযাতায়াতলৈ নামিছে অবৰ্ণনীয় আহুকাল। কামৰূপৰ নগৰবেৰা পলাহৰটাৰী-পথালিপাৰাৰ পৰা বি পি চলিহা মহাবিদ্যালয় সংযোগী সদাব্যস্ত গড়কাপ্তানি পথত এই যাতায়ত বিপৰ্যয়। সংশ্লিষ্ট বিভাগে দলঙৰ মূৰত কেইডালমান কাঠৰ বাটাম থিয় কৰাই পথ বন্ধ কৰিয়েই যেন দ্বায়িত্ব সামৰিছে। ৰাইজলৈ নামিছে যাতায়াতৰ সীমাহীন বিপৰ্যয়। নিতৌ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কিম্বা পথচাৰীয়ে মৰণত শৰণ দি কোনোমতে পাৰাপাৰ হয় দলংখন। বাইক, চাইকেল আদিও পাৰ কৰিব নোৱাৰা অৱস্থা। শীঘ্ৰে বিধ্বস্ত এই দলঙৰ ঠাইত পকী দলং এখনৰ আবেদন জনাইছে ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured