‘বাচ্চা’ ভূপেন বৰাই ৰাজনীতি নাজানে : আজমল

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ আজি অসম বিধানসভাৰ নতুন ভৱনটো পৰিদৰ্শন কৰে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে। নতুন বিধানসভাৰ চৌহদটো দেখি অভিভূত হৈ পৰে আজমল। ইফালে ৰাজ্যৰ উচ্ছেদ কাৰ্য্য তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী জনায় আজমলে। লগতে কৰিমগঞ্জ, হাইলাকান্দিত বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰে তেওঁ। কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয়, অসম কংগ্ৰেছৰ লগত আমাৰ মিল নাই, কিন্তু দিল্লীৰ সতে আমাৰ যি আছে সেয়া আছে। আমাৰ সদ্যগঠিত I.N.D.I.A. জোঁটবন্ধনৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। আজমলে কয় যে আমি তিনিজন সাংসদ জোটবন্ধনত দিম। ২০২৪ৰ সমাগত নিৰ্বাচনত তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আজমল বাহিনীয়ে। ভূপেন বৰা সন্দৰ্ভত আজমলৰ মন্তব্য- ভূপেন বৰা বাচ্চা, ৰাজনীতি কি ভালদৰে নাজানে। আজমলৰ মন্তব্য- ধুবুৰী, কৰিমগঞ্জ, নগাঁৱত প্ৰাৰ্থিত্ব আগবঢ়াব এআইইউডিএফে। শিলসাঁকোৰ উচ্চেদ সন্দৰ্ভত আজমলৰ মন্তব্য- শিলসাঁকোত থকা অবৈধ সকলো ভূমিত উচ্ছেদ চলাইছে। বাকী থকা যি ভূমি আছে, সেয়া ম্যাদী।

Featured