নগৰবেৰাৰ পলাহৰটাৰী গান্ধীনগৰত নিশা ঘৰৰ পৰা বাইক চুৰি

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : নগৰবেৰাৰ ২নং পলাহৰটাৰীত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰৰ দুৱাৰ খুলি চোৰে নিলে নতুন য়ামাহা R15 এখন। কামৰূপৰ নগৰবেৰা থানাৰ অন্তৰ্গত ২নং পলাহৰটাৰী গান্ধীনগৰত যোৱানিশা সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰিকাণ্ড। গাঁওখনৰ আতোৱাৰ ৰহমানৰ ঘৰৰ সকলোৱে নিশা ভাত পানী খাই শোৱাৰ পাছতেই বাঁহৰ দুৱাৰ ঠেলি ভিতৰৰ পৰা নতুন R15 বাইক এখন লৈ উধাও হয় চোৰে। চুৰি হোৱা বাইকখনৰ নম্বৰ AS25-X-9517। ফাইনেন্সত বাইকখন লোৱা চাৰি-পাঁচ মাহ হৈছিলহে মাত্ৰ। পুৱাৰ ভাগত বাইকখন নেদেখিহে হাহাকাৰ লাগে দুখীয়া পৰিয়ালটোত। বাইক চুৰি সন্দৰ্ভত আৰক্ষীক অৱগত কৰা বুলিও জানিব পৰা গৈছে। শীঘ্ৰে আৰক্ষীক চুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ দাবী ৰাইজৰ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured