ৰঙাপৰাত ৰোগীৰ মাজত ফলমূল বিতৰণ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ ৰঙাপৰাত আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰঙাপৰা নগৰ মণ্ডলৰ অন্তৰ্গত সংখ্যালঘূ মৰ্চাৰ উদ্যোগত স্বাস্থ্য কৰ্মীসকলক সম্বৰ্ধনা আৰু ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰা হয় । প্ৰাপ্ত তথ্য মতে , সংখ্যালঘূ মৰ্চাৰ বিষয়ববীয়াসকলে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক, নাৰ্চ, কৰ্মচাৰীসকলক বিশেষ সম্বৰ্ধনা জনায়। লগতে চিকিৎসালয়খনৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ।

প্ৰেৰক প্ৰাঞ্জল বৰা