আস্থা ভোটত জয়ী প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ আস্থা ভোটত জয়ী হ’ল প্ৰমোদ বড়ো। পৰিষদ গঠনৰ ক্ষেত্রত সাংবিধানিক নিয়ম আৰু অসম স্বায়ত্তশাসিত জিলা (জিলা পৰিষদ গঠন) বিধি ১৯৫১ৰ ২০/১ মুখ্য কার্যবাহী সদস্য নিযুক্তিৰ ক্ষেত্রত অনুসৰণ কৰা হোৱা নাই বুলি বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু আন ছজনে দাখিল কৰিছিল লেখ আবেদনখন।

সমগ্র বিষয়টো আইনী মেৰপেঁচত সোমাই পৰাৰ সময়তেই লেখ আবেদনখনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে আস্থা ভোট অনুষ্ঠিত কৰিবলৈ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োক নির্দেশ দিছিল ৷ সেই অনুসৰি আজি অনুষ্ঠিত হোৱা আস্থাভোটত জয়ী হয় UPPL-BJP-GSP।

আস্থাভোট হোৱাৰ পূৰ্বেই BPFৰ পাৰিষদসকলে উত্তাল কৰি তোলে পৰিবেশ আৰু প্ৰতিবাদৰ মাজতে সম্পন্ন আস্থাভোট। হাত দাঙি সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন মিত্ৰজোঁটৰ। ধ্বনিভোটত প্ৰমোদ বড়ো জয়ী বুলি ঘোষণা কৰে অধ্যক্ষই।

Featured