বালিপৰাত জনতা যুৱ মৰ্চাৰ চিনাকি পৰ্ব অনুষ্ঠান

নিয়মীয়া বাৰ্তা , ২ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা যুৱ মৰ্চাৰ বালিপৰা মণ্ডল সমিতিৰ এক চিনাকি পৰ্ব অনুষ্ঠান বালিপৰা গাঁও পঞ্চায়তৰ সভাগৃহত আজি অনুষ্ঠিত হয় ।

বালিপৰা ব্লক মণ্ডল সমিতিৰ উপ-সভাপতি পূৰ্ণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত যুৱ মৰ্চাৰ (বালিপৰা) সভাপতি অপূৰ্ব হাজৰিকা, সম্পাদক অনুজ ছেত্ৰীসহ ভালেসংখ্যক কাৰ্যকৰ্তা, প্ৰভাৰী-সহঃপ্ৰভাৰী, আমন্ত্ৰিত সদস্য, জিলা যুৱ মৰ্চাৰ বিষয়ববীয়াৰ লগতে দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।

মূল সভাৰ প্ৰাৰম্ভতে বন্তি প্ৰজ্বলন, মাতৃ বন্দনা কাৰ্যসূচীও সম্পাদন কৰা হয় । সভাখনত যুৱ মৰ্চাৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰা, দলীয় ঐক্য, ভৱিষ্যৎ পৰিকল্পনা আদিৰ বিষয়ে আলোচনা কৰা হয় ।