জাগুন ৰামপুৰত অৰুণজ্যোতি যুৱক সংঘৰ উদ্যোগত বিশাল ৰক্তদান শিবিৰ

উদয়পুৰ তাই আহোম আৰু মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উদ্যোগতো লাচিত দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন অনুষ্ঠিত হয়। জাগুনৰ ৰামপুৰ পাঁচ মাইলৰ অৰুণজ্যোতি যুৱক সংঘৰ ৰক্তদান কোষৰ উদ্যোগত আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল ডিব্ৰুগড়ৰ সহযোগত আজি এক বৃহৎ ৰক্তদান শিবিৰ আৰু সজাগতা কৰ্মশালা অৰুণজ্যোতি যুৱক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

লাচিত দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো তেওঁলোকে এই শিবিৰৰ আয়োজন কৰে। এই অনুষ্ঠানত মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে। প্ৰায় ৩ শতাধিক ৰাইজে আজি ৰক্তদান শিবৰত ৰক্ত দান কৰে। ৰক্তদান মহান দান এই মহান এই আপ্তবাক্য আগত ৰাখিয়ে আজি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিলে বুলি উদ্যোগতা সকলে জানিবলৈ দিছে। এই উপলক্ষে অনুষ্ঠিত মানপত্ৰ বিতৰণ সভাত স্থানীয় সাংবাদিকসকলকো একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

আনাহাতে লেখাপানী থানাৰ অন্তৰ্গত উদয়পুৰ চাৰি মাইল লাচিত উদ্যানত তাই আহোম যুৱ পৰিষদ , তাই আহোম ছাত্ৰ সন্থা আৰু জাতিয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত অনুষ্টুপীয়াকৈ বিৰ লাচিত দিৱস কৰে। ইয়াৰে লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাৰ্ঘেৰিটাৰ খণ্ডৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটা পাবলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাবীৰ লাচিত দিৱস উদযাপন কৰে এই উপলক্ষে কাবাদী , কুইজৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ সহ পুৰস্কাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনতো মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উদ্যোগতো আজি লাচিত দিৱস উদযাপন কৰা হয়।

প্ৰেৰকঃ মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা