বুঢ়ীদিহিঙত নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ মাৰ্ঘেৰিটাৰ ডিবং ফাকিয়াল ৰথডোবাত কালি বিয়লি বুঢ়ীদিহিং নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল দুজন কিশোৰ। বুঢ়ীদিহিং নৈত গা ধুই থকা সময়তে নৈৰ সোতে উটুৱাই নিছিল দুই কিশোৰক। নিৰুদিষ্ট দুই কিশোৰ ক্ৰমে ফাৰহান আলি (১৭) আৰু আৰমান হক (১৪)। দুয়োৰে ঘৰ মাৰ্ঘেৰিটা ২নং আলুবাৰীত। জানিব পৰা মতে পাঁচ জন লৰাই কালি বিয়লি চাৰি মান বজাত বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈছিল। নদী সেই অংশত গভীৰ থকাৰ বাবে ল’ৰাকেইজনৰ ভিতৰত দুজন পানীত ডুব যায়। লগৰীয়াৰ সকলে চিঞৰ বাখৰ কৰাত ওচৰৰ গাঁৱৰ লোক গৈ ল’ৰা দুজন ডুব যোৱা বুলি গম পাই উদ্ধাৰৰ বাবে চেষ্টা চলায়। ৰাইজে কালি উদ্ধাৰ অভিযান চলায় যদিও নিশা হোৱাৰ বাবে স্থগিত ৰাখে অভিযান। আজি পুৱা এছডিআৰএফ বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত চলোৱা উদ্ধাৰ অভিযানত ফাৰহান আলিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনজন কিশোৰৰ মৃতদেহ মাকুম কিল্লা অঞ্চলত বিয়লি উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। অন্যহাতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ ফাৰহান আলি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰো সদস্য আছিল। ফাৰহানৰ মৃত্যুত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। দুজন কিশোৰৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে ।

প্ৰেৰক মানসপ্ৰতিম গগৈ

Featured