দিল্লীত ১৭-১৯ ফেব্ৰুৱাৰীলৈ চেলিব্ৰেটিং নৰ্থ ইষ্ট মহোৎসৱ

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ সুকীয়া পৰিচয় থকা বস্ত্ৰশিল্প, সংগীত, গীত, নৃত্য আৰু কৃষ্টি সংস্কৃতিক প্ৰতিষ্ঠা কৰি অহাৰ মানসেৰে আজি বহু বছৰ ধৰি নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ফেশ্বন টেকনলজী (NEIFT)ৰ উদ্যোগত উদযাপন কৰি অহা উত্তৰ পূৰ্বাঞ্চলৰ অতি পুৰণি অনুষ্ঠান ‘চেলিব্ৰেটিং নৰ্থ ইষ্টৰ ’ ১৬তম বাৰ্ষিক মহোৎসব অধিক প্ৰসাৰিত ৰূপত আৰু অধিক জাকজমকতাৰে ১৭-১৯ ফেব্ৰুৱাৰীত ৰাজধানী চহৰ নতুন দিল্লীৰ চাণক্যপুৰীৰ নিউ মতিবাগ ক্লাবত আয়োজন কৰা হৈছে। আজি আনুস্থানিকভাবে এই কথা ঘোষণা কৰে অনুষ্ঠানটোৰ মুখ্য আয়োজক বিক্ৰম ৰায় মেধিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ইয়াৰ ১৫তম সংস্কৰণ সংযুক্ত ৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হৈছিল। মহোৎসৱৰ এইবাৰৰ এই ১৬তম সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব কেন্দ্ৰীয় জাহাজ, জলপথ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত বহুসংখ্যক গণ্য মান্য ব্যক্তি, সাংসদ, বৈদেশিক সচিব, ৰাষ্ট্ৰদূত, নীতি নিৰ্ধাৰক তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ লগতে বস্ত্ৰশিল্প আৰু ৰেলৱেৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দৰ্শনা জাৰদশ উপস্থিত থাকিব। স্মৰ্তব্য যে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ফেশ্বন টেকনলজীৰ উদ্যোগত প্ৰত্যেক বছৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ প্ৰতি ইয়াৰ লোকসকল অধিক আগ্ৰহ প্ৰকাশ কৰি আহিছে। আনকি শেহতীয়া কভিদ অতিমাৰীৰ সময়তো চৰকাৰ, প্ৰশাসন আৰু শুভাকাংক্ষীৰ সীমাহীন উৎসাহ উদ্দীপনা আৰু সাহস সমৰ্থনত সকলো কভিদ প্ৰতকল মানি গুৰুগাও আৰু চাণক্যপুৰীত উলহ মালহৰে উদযাপন কৰা হৈছিল। প্ৰসঙ্গত এন ই আই এফ টিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা চেলিব্ৰেটিং নৰ্থ ইষ্টৰ মুখ্য আয়োজক বিক্ৰম ৰায় মেধিয়ে কয় যে “ আৰম্ভণিৰ পৰাই আমাৰ এই মহোৎসৱৰ জৰিয়তে উওৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিভাবান আৰু সম্ভাৱনা পূৰ্ণ যুৱক যুৱতী সকলক এক নতুন প্লেটফৰ্ম আৰু নতুন সম্ভাৱনা সমূহ গ্ৰহণ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা হৈছে । এখন ফেশ্বন শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা ফেশ্বন আৰু টেক্সটাইল ডিজাইনত আগ্ৰহী যুৱক যুৱতীক আন্তৰাষ্ট্ৰীয় সুযোগ সুবিধা প্ৰদানৰ বাবে গুৰুত্ব আৰোপ কৰি অহাৰ বাবেই এই মহোৎসৱৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বহুসংখ্যক ডিজাইনাৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিষ্ঠানত সংস্থাপন লাভ কৰি আহিছে।“ ১৬তম্ সংস্কৰণৰ এই মহোৎসৱত মৰমী মেধি, মেঘৰঞ্জনী মেধি আদি শিল্পীৰ উপৰি জুবলি বৰুৱা, জন ঐনম আদি গায়ক গায়িকাই সঙ্গীত পৰিবেশন কৰিব। উত্তৰ পূব আৰু উত্তৰ ভাৰতৰ শিল্পীৰ লক্ষ্য আৰু দৃষ্টিক অধিক সুদৃহ কৰাৰ উদ্দেশ্যৰে অনুষ্ঠানত খ্যাতিসম্পন্ন নিজামী বন্ধুৰ অনুষ্ঠান অহৰহ চলি থাকিব। অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ১৬গৰাকী প্ৰতিষ্ঠিত ডিজাইনাৰৰ ৩৬গৰাকী শীৰ্ষ মডেলৰ জৰিয়তে এক সুদীৰ্ঘ লানিৰ ফেশ্বন শ্ব অনুষ্ঠিত হব।  লগতে বিক্ৰম ৰায় মেধিয়ে কয় -“আমি আশা কৰোঁ দীঘলীয়া সময় আৰু দূৰত্বৰ মাজেৰে মডেল সকলে পৰিধান কৰা ফেশ্বন আৰু সংগ্ৰহ সমূহ সংবাদ মাধ্যম আৰু ক্ৰেতাৰ জৰিয়তে অধিক প্ৰসাৰিত হব আৰু ইয়াৰ জৰিয়তে এক সুদূৰপ্ৰসাৰী ব্যবসায় ঠন ধৰি উঠিব, যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ডিজাইনাৰ আৰু বস্ত্ৰশিল্পৰ ব্যৱসায়িক শ্ৰীবৃদ্ধি হব।”
Featured