কাইলৈৰ পৰা জ্যোতি চিত্ৰবনত সপ্তম চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : কাইলৈৰ পৰা দুদিনীয়াকৈ জ্যোতি চিত্ৰবনত আৰম্ভ হ’ব সপ্তম চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল (চিএনএফএফ)৷ প্ৰখ্যাত চলচ্চিত্ৰ গবেষক আৰু কলাবিষয়ক ছবিৰ নিৰ্মাতা, প্ৰফেচৰ ডঃ পীয়ুষ ৰয়ে এই উৎসৱ উদ্বোধন কৰিব৷ নৃত্যশিল্পী প্ৰেৰণা ভূঞাই প্ৰস্তুত কৰা ‘বন্দেমাতৰম’ৰ প্ৰদৰ্শনৰে মহোৎসৱৰ পাতনি মেলা হ’ব বুলি চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্ত আৰু সম্পাদক ভগৱৎ প্ৰীতমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷ প্ৰসিদ্ধ চলচিত্ৰ পৰিচালক আৰু চিত্ৰগ্ৰহনকাৰী ৰাজেন্দ্ৰ জাংগলেই পদ্মশ্ৰী সন্মানেৰে সন্মানিত জনজাতীয় লোকশিল্পী দূৰ্গাবাইৰ ওপৰত নিৰ্মাণ কৰা এখনি তথ্যচিত্ৰৰে মহোৎসৱৰ আৰম্ভ  হ’ব৷ ১১.৩০ বজাত ডঃ পীয়ুষ ৰয়ৰ সতে অন্তৰংগ কথোপকথনৰ অনুষ্ঠান ৷ দেশ-বিদেশত সন্মান অৰ্জন কৰা কেইবাখনো চুটি ছবি আৰু তথ্যচিত্ৰ হ’ব এই মহোৎসৱৰ বিশেষ আকৰ্ষণ হব ৷ ‘ৰেমিনিচেন্স অব গংগৌৰ’ ছবিখনো এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব আৰু ছবিৰ লেখক-পৰিচালক সুদীপ চোহনিয়েও এই মহোৎসৱত অংশগ্ৰহন কৰিব ৷ প্ৰাঞ্জল কে শইকীয়া পৰিচালিত আৰু দেশ-বিদেশৰ কেইবাটিও চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহন কৰা ‘অকমান’ নামৰ পূৰ্ণদৈৰ্ঘৰ ছবিখনৰ প্ৰিমিয়াৰো এই মহোৎসৱৰ এটি অংগ ৷ শিল্পীকা বৰদলৈৰ কেইবাটিও চলচিত্ৰ মহোৎসৱত প্ৰশংসিত ছবি ‘চাউ’খনৰো ‘অসম প্ৰিমিয়াৰ’ এই মহোৎসৱতে অনুষ্ঠিত হ’ব৷  ১০ ছেপ্টেম্বৰৰ ১১ বজাৰ পৰা ছবিৰ প্ৰদৰ্শন আৰম্ভ হ’ব৷ মুম্বাইত থকা অসমীয়া চিত্ৰ সম্পাদক হীৰা দাসে পৰিচালনা কৰা প্ৰথম ছবি ‘কাণখোৱা’ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব৷ আবেলি দুই বজাত প্ৰখ্যাত চিত্ৰ পৰিচালক ৰাহুল ৰাৱেলৰ সতে এটি মুকলি কথোপকথনৰ আয়োজন কৰা হৈছে৷ লেখিকা ইন্দ্ৰানী লস্কৰে এই আলোচনাৰ আঁত ধৰিব৷ প্ৰান্তিক ডেকা ৰচিত চিনেমা বিষয়ক ইংৰাজী গ্ৰন্থ ‘পাষ্ট ৰিভিজিটেড’খনো একেই অনুষ্ঠানতে ৰাহুল ৰাৱেলে উন্মোচন কৰিব৷ এটা সঁচা চৰিত্ৰৰ ওপৰত ভেটি কৰি প্ৰবাল খাওন্ডে পৰিচালনা কৰা চুটি ছবি ‘প্ৰবাহিনী’ৰ প্ৰথম প্ৰদৰ্শনো এই অনুষ্ঠানৰ অংগ৷ পুৰষ্কাৰ বিতৰণী অনুষ্ঠানত ভাগ ল’ব খ্যাতিমান চিত্ৰপৰিচালক ৰীমা দাসে৷ মহোৎসৱ উপলক্ষে আয়োজিত প্ৰতিযোগিতাত পাঁচটা শাখাত বঁটা প্ৰদান কৰা হ’ব, শ্ৰেষ্ঠ ছবি, উত্তৰ-পূবৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰ, আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ৷ বিজয়ীসকলে ট্ৰফী, প্ৰমাণপত্ৰ, আৰু নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব৷ অংশগ্ৰহনকাৰী ছবিবোৰৰ মানপত্ৰও একেই অনুষ্ঠানতে প্ৰদান কৰা হ’ব৷ ছবি উপভোগৰ বাবে পূৰ্ব পঞ্জীয়নৰ ব্যবস্থা কৰা হৈছিল যদিও আগ্ৰহী দৰ্শকৰ অনুৰোধত ঠাইতে পঞ্জীয়ন কৰাৰ ব্যবস্থাও ৰখা হৈছে বুলি আয়োজক সকলে জানিবলৈ দিছে৷ মহোৎসৱৰ সামৰণি ছবি হ’ল ঝাড়খণ্ডৰ তৰুণ পৰিচালক নীতেশ কুমাৰে পৰিচালনা কৰা ‘লখীমাই’৷ কৃষি আৰু জীৱনৰ অংগাংগী সম্বন্ধৰ কথা কাব্যিক ভাষাৰে প্ৰকাশ কৰা এই ছবিখনে ইতিমধ্যে ভাৰতৰ বিভিন্ন চলচ্ছিত্ৰ মহোৎসৱত আলোড়নৰ সৃষ্টি কৰিছে৷ ভাৰতীয় চুটি ছবিৰ সৰ্ববৃহৎ সংগঠন ‘ভাৰতীয় চিত্ৰ সাধনা’ৰ সতে চলচ্চিত্ৰমৰ কলা বিনিময় প্ৰয়াসৰ অংগ হিচাপে এই ছবিখন প্ৰদৰ্শন কৰা হ’ব৷
Featured