জন্মস্থানত কাইলৈ ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক ৰাজহুৱা সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ বস্ত্ৰনগৰী শুৱালকুছি নিবাসী, প্ৰাক্তন সাংসদ তথা ছত্তিশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাক বৃহত্তৰ শুৱালকুছিবাসীয়ে ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰিছে৷ আজি শ্ৰীশ্ৰীশংকৰদেৱধামৰ পুথিভঁৰালত বৃহত্তৰ শুৱালকুছি নাগৰিক সমাজ সম্বৰ্ধনা সমিতিয়ে আয়োজন কৰা সংবাদ মেলত কয় যে ১৮ আগষ্টত আয়োজিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত শুৱালকুছি নাগৰিক সমাজ আৰু শুৱালকুছি সাংবাদিক সন্থাকে ধৰি বৃহত্তৰ শুৱালকুছিৰ দুকুৰিৰো অধিক সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাব৷ কাইলৈ দিনৰ ১১ বজাত স্থানীয় শ্ৰীশ্ৰীশংকৰদেৱ ধাম প্ৰাঙ্গণতে সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হব৷ সংবাদ মেলত পুনৰ কয় যে কাইলৈ ছত্তিশগড়ৰ ৰাজ্যপালগৰাকীয়ে প্ৰথমে শুৱালকুছিৰ ঐতিহাসিক শ্ৰীশ্ৰীন-সত্ৰ (হনুমান মন্দিৰ)ত আশীৰ্বাদ লব৷ তাৰ পিছত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব৷ পৰৱৰ্তী সময়ত পূব শুৱালকুছিৰ বাসত্তৰীয়া ৰাইজ গয়ৰহৰ ঐতিহাসিক শ্ৰীশ্ৰীমা মনসা পূজাত আশীৰ্বাদ গ্ৰহণ কৰি ছত্তিশগড়লৈ উভতি যাব৷ সংবাদ মেলত সম্বৰ্ধনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ কলিতা, সম্পাদক বিকাশ কলিতা, সহকাৰী সম্পাদক হৰিশ্চন্দ্ৰ মহন্ত, বিত্ত সম্পাদক ৰমেন কলিতা উপস্থিত আছিল৷ মন কৰিব লগা এই যে তিনিখন গাঁও পঞ্চায়ত সমৃদ্ধ বৃহত্তৰ শুৱালকুছিৰ লোক বহিঃৰাজ্যৰ উচ্চ আসন অলংকৃত কৰা ৰমেন ডেকাই প্ৰথম হোৱাত ৰাইজ উৎফুল্লিত হৈছে৷ সম্বৰ্ধনা অনুষ্ঠানত আয়োজক সমিতিয়ে দল মত নিৰ্বিশেষে সকলোৰে উপস্থিতি কামনা কৰিছে ৷
প্ৰেৰক দিলীপ মেধি
Featured