২৫খন পতাকা উত্তোলনেৰে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰঃ “পুতলা পিষ্টলৰ সলনি আপোনাৰ সন্তানক এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে ১৯৯৬ চনত নগাঁৱৰ পুৰণিগুদামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে । ক’ৰোনা মহামাৰীৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰটকল ৰক্ষা কৰি আজি ২৫খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও এইবাৰ ক’ৰোনা মহামাৰীৰ বাবে গ্ৰন্থ মেলাখন পুৰণিগুদাম প্ৰেছ ক্লাবে বাতিল কৰিছে ।

১৯৯৬ চনতে প্ৰকৃতিপ্ৰেমী সংগঠন মাইহাঙ গোষ্ঠী আৰু শৰ্মা বুক এম্প’ৰিয়ামৰ উদ্যোগত আয়োজিত গ্ৰন্থ মেলাখনি ২০০৮ চনৰ পৰা পুৰণিগুদাম প্ৰেছ ক্লাবে আয়োজন কৰি আহিছে ।এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া গ্ৰন্থমেলাখনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত আজি গ্ৰন্থ মেলাৰ মূল পতাকা খন বিশিষ্ট সাহিত্যিক,কবি তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই উত্তোলন কৰাৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ পতাকা খন পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই উত্তোলন কৰে।

গ্ৰন্থ মেলাৰ মূল পতাকাখন ড৹ নন্দ সিং বৰকলাই উত্তোলন কৰি ভাষণ প্ৰসংগত গ্ৰন্থ আমাৰ আত্মা ।কিতাপ বুলি ক’লে এক জাগৰণৰ সৃষ্টি হয় বুলি মন্তব্য কৰাৰ লগতে ই কিতাপ সন্দৰ্ভত এখন কিতাপ হাতত লৈ গছৰ তলত বহি কৰা অধ্যয়নৰ গুৰুত্ব ই কিতাপে কেতিয়াও ল’ব নোৱাৰে বুলি কয় । পুৰণিগুদাম প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি কুলপ্ৰদীপ দাস আৰু পুৰণিগুদাম প্ৰেছ ক্লাবৰ সাংগঠনিক সম্পাদক নয়নমণি বৰাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্যিক ড৹ নন্দ সিং বৰকলাই পুৰণিগুদাম প্ৰেছ ক্লাবে পূজাৰ বতৰত শিশুৰ মনস্তাত্বিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰি অহা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা এক মহান কাম বুলি উল্লেখ কৰে।

আনহাতে পুৰণিগুদাম প্ৰেছ ক্লাবৰ দৰে অসমৰ প্ৰতিটো সাংবাদিক সংগঠনে এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা উচিত বুলি মন্তব্য কৰে ।ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে আয়োজিত কাৰ্যসূচীত প্ৰাক ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি মণিমাধৱ মহন্ত, সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী, সমাজকৰ্মী পূৰ্ণানন্দ ভূঞা, প্ৰফুল্ল শইকীয়া, ড৹ বি.কে.বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৃপেন চন্দ্ৰ দাস, সমাজকৰ্মী দীপেন বৈৰাগী, জ্যোতিৰ্ময় গোস্বামী, যোগেন শৰ্মা, নিহাৰ শইকীয়া,অসম চৰকাৰৰ জনসংযোগ বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক গুৰমাইল সিং, বিশিষ্ট সাংবাদিক মুনীন্দ্ৰ শইকীয়া, শিল্পী কানু গোস্বামী,ৰাজেন গোহাঁই,মহেন্দ্ৰ বৰা,চিত্তৰঞ্জন বৰা,খগেন গায়নকে প্ৰমুখ্য কৰি পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গণ্য মান্য ২৫ জন ব্যক্তিয়ে ২৫ খন পতাকা উত্তোলন কৰে।

অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল

ইয়াৰোপৰি পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ উপলক্ষ্যে আয়োজিত অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল সমূহ আজি ঘোষণা কৰে । অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা ক শাখাত প্ৰথম মৃগাংক শইকীয়া, দ্বিতীয় বিশালক্ষী শৰ্মা আৰু ৰেখাঙ্কনা বড়ো, তৃতীয় সুকন্যা শইকীয়া আৰু প্ৰণয় প্ৰতিম গায়ন, বিচাৰকৰ উদগনি মূলক বঁটা ক্ৰমে ৰিদিশা বৰা,হৰ্ষিতা হাজৰিকা,নিচুকনি পুৰস্কাৰ দৃষ্টিপ্ৰিয়া বৰা,সিদ্ধিতা শইকীয়া,সুদৰ্শন বৰা,
গায়ত্ৰী কলিতা,ৰাজনন্দিনী মেধি,প্ৰাপ্তিলিকা বৰা,অলংকৃতা শইকীয়া আৰু স্প্ৰধা শইকীয়াই লাভ কৰাৰ লগতে খ শাখাত প্ৰথম সুদর্শনা বৰা, দ্বিতীয় দিশা কলিতা, তৃতীয় হৰ্ষিত কুমাৰ ৰাজখোৱা, বিচাৰকৰ উদগনি মূলক বঁটা স্পন্দন কৌশিক, গুণগুণ কাশ্যপ, গাৰ্গী ভূঞা, নিষিগন্ধা বৰা আৰু ভাগ্যজ্যোতি কলিতাই লাভ কৰে। উল্লেখ্য যে বিজয়ী প্ৰতিযোগী সকললৈ পুৰণিগুদাম প্ৰেছ ক্লাৱে ডাক যোগে বঁটা সমূহ পঠিয়াব ।