চিৰাঙৰ ৩ আৰোগ্য ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি

নিয়মীয়া বাৰ্তা, ১৪ জুন: আজি প্ৰথমবাৰৰ বাবে চিৰাং বাসীয়ে শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হৈছে । জিলাখনৰ কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধিন হোৱা তিনিজন ব্যক্তি আৰোগ্য লাভ কৰাত জিলা প্ৰশাসনে মুকলি কৰি ঘৰলৈ পঠিয়ায়।

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক তথা অন্যান্য স্বাস্থ্য কৰ্মীৰ উপস্থিতিত আজি পুৱা ১০:৩০ বজাত জিলা সদৰস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন হৈ আৰোগ্য লাভ কৰা পাকন ইছোৱাৰী, ছবিও বৰগয়াৰী আৰু প্ৰকাশ নাৰ্জাৰীক আনুষ্ঠানিক ভাৱে বিদায় দিয়ে। আৰোগ্য লাভ কৰা তিনিও জনক জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নিজ বাসগৃত অতিৰিক্ত ১৪ দিন গৃহ আবদ্ধ হৈ থকাৰ বাবে আহ্বান জনাইছে ।

উল্লেখ্য যে আজি বাতৰি যুগত কৰা মুহূৰ্তলৈ জিলাখনত নতুনকৈ কোনো ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা নাই । জিলাখনৰ মুঠ ১৭জন কোভিড-১৯’ত আক্ৰান্ত ব্যক্তিৰ ভিতৰত বৰ্তমানে ১৪ জন চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে । ১৪ জনৰ ১৩ জন জেএছবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন হৈ থকাৰ বিপৰীতে এজন বৰপেটা মেডিকেল কলেজত চিকিৎসাধিন হৈ আছেবুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।