চিৰাঙৰ শ্বহীদ জোৱান লম্বোদৰ সিংহৰ সামৰিক মৰ্যাদাৰে শেষকৃত্য

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ কাকাৰাগাঁও ভাটিপাৰাত আজি এক শোকাকুল পৰিৱেশত চি আৰ পি এফৰ শ্বহীদ জোৱান লম্বোদৰ সিংহক বিদায় দিয়া হয়৷ উল্লেখ্য যে মঙলবাৰে ছত্তিশগড়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত চি আৰ পি এফৰ বি/১৫০ বেটেলিয়নৰ জোৱান কাকাৰাগাঁও ভাটিপাৰাৰ ৩৫ বছৰীয়া লম্বোধৰ সিংহ নামৰ জোৱানজন শ্বহীদ হয় ৷ কাকাৰাগাঁও ভাটিপাৰাৰ তুলেন সিংহ আৰু প্ৰয়াত ভদ্ৰাৱতী সিংহৰ কনিষ্ঠ পুত্ৰ লম্বোধৰ সিংহই ২০১১ চনত চাকৰিত যোগদান কৰিছিল ৷ মৃত্যুৰ সময়ত লম্বোধৰে পত্নী আৰু ন বছৰীয়া কন্যা সন্তান, পিতৃ, ভাতৃ-বৌক ইহসংসাৰত এৰি যায় ৷ আজি পুৱাই তেওঁৰ নশ্বৰ দেহ গুৱাহাটী আহি পোৱাৰ পাছত দুপৰীয়া নিজ বাসগৃহত অনাত পৰিয়ালৰ লগতে আত্মীয়-স্বজনে ৰীতি নিয়মেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ লম্বোধৰ সিংহলৈ ৰাজহুৱাভাৱে শেষ শ্ৰদ্ধাঞ্জলি জনাই বিদায় জনোৱা হয়৷ এই অনুষ্ঠানত চি আৰ পি এফৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহা-পৰিদৰ্শক (IG) অনুৰাগ আগৰৱালা, ডি আই জি সুনন্দ কুমাৰ, অনুৰান্দ্ৰ প্ৰতাপ সিং, এছ এছ বিৰ ১৫ নম্বৰ বেটেলিয়নৰ কমাণ্ডেন্ট নীৰজ চান্দ, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুথ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন, কাৰ্যবাহী সদস্য পূৰবী সৰকাৰ, চিৰাঙৰ অতিৰিক্ত আয়ুক্ত ফিৰদৌছ আলম শ্বেখ, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাসহ কেইবাজনো চি আৰ পি এফৰ বিষয়া, দল সংগঠন, অনুষ্ঠান আৰু অগণন লোকৰ লগতে পৰিয়ালৰ লোকেও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ পাছলৈ শ্বহীদ জোৱানৰ নশ্বৰ দেহ সামৰিক সন্মানেৰে সমদল কৰি ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ৷

প্ৰেৰক ভৃগু মুনি ৰায়

Featured