দক্ষতা বিকাশৰ বাবে প্রশিক্ষণ কেন্দ্র উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ যুৱক–যুৱতীসকলৰ দক্ষতা অধিক বিকশাই তোলাৰ উদ্দেশ্যৰে আজি জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে যুৱক–যুৱতীৰ দক্ষতা বিকশাই তোলাৰ বাবে প্রশিক্ষণ কেন্দ্রৰ শুভ উদ্বোধন কৰে৷ এই প্রশিক্ষণ কেন্দ্রৰ জৰিয়তে ৫৯টা বৃত্তিৰ অধীনত অসম দক্ষতা বিকাশ অভিযানে ৫৭৫০ গৰাকী যুৱক–যুৱতীক প্রশিক্ষণ প্রদান কৰিব৷ উল্লেখ্য যে আজিৰ এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে স্কীল ভান নামৰ বিশেষ বাহনৰ জৰিয়তে প্রথম পর্যায়ত ৪ খন জিলাত দক্ষতা সজাগতা কার্যসূচীৰ বাবে দক্ষতা যাত্রাৰো ফ্লেগ অফ কৰে৷ কামৰূপ, নলবাৰী, দৰং আৰু মৰিগাঁও জিলা এই কার্যসূচীৰে সামৰি লোৱা হব৷ মুখ্যমন্ত্রীয়ে আজি থলুৱা দক্ষতা প্রশিক্ষণ নামৰ আঁাঁচনি এখনো আৰম্ভ কৰে৷ এই আঁচনিৰ অধীনত প্রথম অৱস্থাত ১৫ খন জিলা সামৰি এই কার্যসূচী ৰূপায়ণ কৰা হব আৰু প্রতিখন জিলাৰ পৰা ১০জনকৈ প্রার্থী নির্বাচন কৰা হব৷ ইয়াৰ উপৰিও জলজীৱন মিছন আৰু অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৫০০ গৰাকী প্রশিক্ষার্থীক ডিবিটিৰ মাধ্যমেৰে জলপানি মুকলি কৰাৰ প্রক্রিয়াও শুভাৰম্ভ কৰে মুখ্যমন্ত্রীয়ে৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে চুইং ষ্টেটাৰৰ প্রশিক্ষণ কেন্দ্রও মুকলি কৰে৷ এই কেন্দ্রৰ জৰিয়তে আই আই টি গুৱাহাটীৰ পৰা ৫০ গৰাকী প্রশিক্ষার্থীক কংক্রিট পাম্প  অপাৰেটৰৰ চাকৰিৰ বাবে প্রশিক্ষণ দিয়া হব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰৰ স্ব–অগ্রাধিকাৰ পুঁজিৰ প্লেচমেণ্ট লিংকড স্কীল ডেভেলপমেণ্ঢ ড্রেইনিং প্রগ্রেমৰ অধীনত স্থাপন কৰা এই প্রশিক্ষণ কেন্দ্রসমূহৰ জৰিয়তে ৫৭৫০ গৰাকী প্রার্থীক প্রশিক্ষণ প্রদান কৰিবলৈ লক্ষ্য লোৱা হৈছে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে হ্রস্বকালীন দক্ষতাৰ  পাঠ্যক্রমৰ দ্বাৰা প্রশিক্ষণ প্রদানৰ জৰিয়তে ৰাজ্যখনত ৬০টা প্রশিক্ষণ কেন্দ্রত ১০টা খণ্ডত ৫৯টা বিভিন্ন বৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হব৷  কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মৌ পালন, দুগ্ধ পালন, আচাৰ প্রস্তুতকৰণ, গাহৰি পালন আদিত দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে৷ অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম দক্ষতা উন্নয়ন অভিযানৰ যৌথ প্রচেষ্টাত ৫ দিনৰ পৰা ১০ দিনীয়া এনে প্রশিক্ষণ কার্যসূচী প্রস্তুত কৰা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ চাৰিখন জিলাত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ অধ্যয়নৰত ছাত্র–ছাত্রীৰ উদ্যমিতা আৰু দক্ষতাৰ জগতখনৰ সৈতে পৰিচয় কৰোৱাই দি ইয়াৰ প্রতি আকর্ষণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ পিতৃ–মাতৃক সামৰি লোৱাৰ অভিনৱ প্রয়াস এটা অসমত আৰম্ভ হৈছে৷ তেওঁ কয় যে অসমৰ থলুৱা শিল্প সর্থেবাৰীৰ কাঁহ–পিতল, মাজুলীৰ মুখা শিল্প অথবা ধুবুৰীৰ আশাৰীকান্দি গাঁৱৰ টেৰাকোটা শিল্প আদিক আধুনিক সময়ৰ সৈতে আগুৱাই নিয়াৰ বাবেও প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ জলজীৱন মিছন, অসম আৰু অসম দক্ষতা উন্নয়ন অভিযানৰ ৰিকগনাইজেশ্যন অৱ প্রায়ৰ লার্ণিং প্রগ্রেমৰ অধীনত প্লাম্বাৰৰ প্রশিক্ষণ গ্রহণ কৰা ৫০০ গৰাকী প্রশিক্ষার্থীক মাননি প্রদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে পকী আৰু নির্মাণ সজুঁলি উৎপাদন, বিপণন আৰু বিতৰণৰ অগ্রণী প্রতিষ্ঠান চুইং ষ্টেটাৰ ইণ্ডিয়াৰ সৈতে গুৱাহাটীৰ ৰিহাবাৰীৰ অসম ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত কংক্রিট পাম্প অপাৰেটৰ চাকৰিৰ বাবে ৫০গৰাকী প্রশিক্ষার্থীক প্রশিক্ষণ প্রদান কৰিবলৈ প্রশিক্ষণ কেন্দ্রটো আজি উদ্বোধন কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে অহা ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্বকর্মা আঁচনি শুভ উদ্বোধন কৰিব৷ এই আঁচনিৰ জৰিয়তে পৰম্পৰাগত শিল্পৰ সৈতে জডিত সকলক প্রশিক্ষণ, মাননি, বেংকৰ জৰিয়তে ঋণ প্রদান আৰু সুদ ৰেহাইৰ ব্যৱস্থাকো সামৰি লোৱা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে এই আঁাঁচনিখনৰ জৰিয়তে অসমত পৰম্পৰাগত শিল্পৰ গুণগতমান বৃদ্ধিত সহায়ক হৈ উঠিব৷ গুণগত মান আৰু আধুনিকতাৰ মাজত  সমন্বয় ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই দিশত গুৰুত্ব প্রদান কৰিলে অসমত থলুৱা শিল্পৰ লগতে ইয়াৰ বাণিজ্য অধিক বিকশিত হৈ পৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে অসমত পর্যটনৰ যথেষ্ট সম্ভাৱনা আছে৷ এই পর্যটনস্থলী সমূহৰ প্রতি আকর্ষণ বৃদ্ধি কৰাৰ বাবে প্রয়াস চলাব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে সাম্প্রতিক সময়ত দক্ষতা বৃদ্ধিৰ প্রয়োজনীয়তা আহি পৰিছে৷ মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ দিশত পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বিশ্ববিদ্যালয়খনত ১০ হাজাৰ ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰিব পাৰিব৷ তেওঁ কয় যে অসমৰ মানুহৰ মানসিকতা সলনি কৰাৰ বাবে দক্ষতা যাত্রাৰ লেখীয়া পদক্ষেপ গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ ২ লাখ যুৱক–যুৱতীৰ কর্মসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে অতিশীঘ্রে এখন নতুন আঁাঁচনি ঘোষণা কৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰত চৰকাৰে আজি চতুর্থ উদ্যোগ বিপ্লৱৰ দিশে আগুৱাই গৈছে৷ টাটা টেকনলজিৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে আই টি আই সমূহ আধুনিক ৰূপত গঢ় দিব বিচৰা হৈছে৷ উদ্যোগ ৪.০ৰ সৈতে কাম কৰিব পৰাকৈ তেওঁলোকৰ দক্ষতা বিকশাই তোলা হব৷ ৭ খন আই টি আই ইতিমধ্যে এই দিশত প্রস্তুত হৈ উঠিছে আৰু এই বছৰৰ পৰা কাম আৰম্ভ কৰিব পৰা যাব বুলি মন্তব্য কৰি তেওঁ কয় যে ৭০ খন আই টি আই আৰু পলিটেকনিকক উন্নীত কৰিব বিচৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে এই পদক্ষেপসমূহে নিবনুৱা সমস্যা সমাধানৰ দিশতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ মন্ত্রী জয়ন্ত মল্লবৰুৱাই ভাষণ প্রদান কৰি অনুষ্ঠানটোত শুভ উদ্বোধন কৰা প্রকল্পসমূহৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ লগতে কয় যে এই আঁচনিসমূহ ৰাজ্যৰ যুৱক–যুৱতীসকলক্ নিয়োগযোগ্য কৰাৰ লগতে আত্মসংস্থাপনৰ পথ সৃষ্টি কৰাত সহায় কৰিবলৈ আৰম্ভ কৰা হৈছে৷
অনুষ্ঠানত মন্ত্রী যোগেন মহন, সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ পৱিত্র মার্ঘেৰিটা, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, অসম দক্ষতা উন্নয়ন অভিযানৰ অভিযান সঞ্চালক অংকুৰ জৈন প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷
Featured