নীলাচল উৰণ সেতু মুকলি কৰি ৰাজ্যৰ নতুন পৰিকল্পনা ঘোষণা মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৩০ আগষ্টঃ  এখন দ্রুত বিকশিত অসমৰ নিদর্শন দাঙি ধৰাৰ লগতে গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থাত এক নতুন মাত্রা প্রদানেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ৰাজ্যৰ দীর্ঘতম উৰণ সেতু হিচাপে পাণ্ডুঘাট, মালিগাঁও চাৰিআলি আৰু কামাখ্যা গেট সংযোগী নীলাচল উৰণ সেতু আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসর্গা কৰে৷ উল্লেখ্য যে ২.০৬৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই  উৰণ সেতুখন মুঠ ৪২০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰি উলিওৱা হৈছে৷ কংক্রিটৰ শ্লেবযুক্ত ষ্টীল কম্পজিট গার্ডাৰেৰে নির্মাণ কৰা অত্যাধুনিক এই উৰণ সেতুখন ৩৫ মাহৰ ভিতৰত নির্মাণ কৰি উলিওৱা হৈছে৷ এ টি ৰোডৰ ওপৰৰ চাৰিলেনযুক্ত মূল উৰণ সেতুখনৰ লগতে পাণ্ডুঘাট ফিডাৰ পথলৈ নির্মাণ কৰা বর্দ্ধিত অংশৰ এই সেতুখনত ৩৭২টা পাইল, ৫৫টা পাইল কেপ আৰু ১৩টা অপেন ফাউণ্ডেশ্যন আছে৷ এই সেতুখন নির্মাণত ১৮ হাজাৰ মেড্রিক টন চিমেণ্ট, ২০ হাজাৰ কিউবিক মিটাৰ বালি, ৩১,২০০ কিউবিক মিটাৰ অন্যান্য সামগ্রী, ৭৫৩০ মেট্ৰিক টন ষ্টীল আৰু ৯,৯৩০ মেট্ৰিক টন ষ্ট্রাকচাৰেল ষ্টীল ব্যৱহাৰ কৰা হৈছে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ অত্যন্ত ব্যস্ততাপূর্ণ  মালিগাঁৱত এখন উৰণ সেতুৰ প্রয়োজনীয়তা আছিল দীর্ঘদিনীয়া৷ ৰাজ্য চৰকাৰে মহানগৰখনৰ যাতায়াত ব্যৱস্থা অধিক সূচল কৰাৰ বাবে বিভিন্ন গুৰুত্বপূর্ণ স্থানৰ লগতে মালিগাঁৱটো কংক্রিটৰ শ্লেবযুক্ত ষ্টীল কম্পজিট গার্ডাৰেৰে এখন উৰণ সেতু নির্মাণৰ বাবে সিদ্ধান্ত লৈছিল৷ এটা ব্যস্ততাপূর্ণ অঞ্চলত এখন উৰণ সেতু নির্মাণ কৰাৰ বাবে আৰক্ষী, নির্মাণকাৰী সংস্থা আৰু জনসাধাৰণৰ সহযোগিতাৰ অতিশয় প্রয়োজন বুলিও তেওঁ কয়৷ তেওঁ কয় যে পাণ্ডু–মালিগাঁও অঞ্চলটো ব্যৱসায় বাণিজ্যৰ লগতে কামাখ্যা মন্দিৰ, ৰেলৱেৰ মুখ্য কার্যালয়, পাণ্ডুঘাট আদিৰ বাবে সকলো সময়তে যথেষ্ট ব্যস্ত হৈ থাকে৷ সেয়েহে এই উৰণ সেতুখন নির্মাণৰ ক্ষেত্রত প্রত্যাহ্বান আছিল যদিও সেই প্রত্যাহ্বান অতিক্রম কৰি  ৩৫ মাহৰ ভিতৰত উৰণ সেতুখন নির্মাণ কৰি উলিওৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই নির্মাণৰ দায়িত্বত জডিত থকা সকল অসমৰ বুকুত জন্মগ্রহণ কৰা ব্যক্তি৷ মুখ্যমন্ত্রীয়ে নির্মাণৰ সৈতে জডিত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে৷  গুৱাহাটী বিমান বন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ এখন উৰণ সেতু নির্মাণৰ সপোন আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে পাণ্ডুৰ শেষ পইণ্টৰ পৰা কামাখ্যা মন্দিৰলৈ যোগাযোগ ব্যৱস্থা সূচল কৰাৰ বাবেও পদক্ষেপ লোৱা হব৷ তেওঁ কয় যে কিছু দিনৰ ভিতৰতে গুৱাহাটী বিমান বন্দৰৰ নির্মাণৰ কাম সম্পূর্ণ হৈ উঠিব৷ যেতিয়া নতুন টার্মিনেল নির্মাণ হব তেতিয়া ধাৰাপুৰৰ পৰা এটা ছয়লেন যুক্ত পথৰ লগতে ধাৰাপুৰ চাৰিআলিত উৰণ সেতু নির্মাণৰ জৰিয়তে গুৱাহাটীৰ প্রৱেশ পথটো সুন্দৰ কৰিব বিচৰা হৈছে৷ দীপৰ বিলৰ সন্মুখত এটা ৰোটাৰী হব বুলিও তেওঁ কয়৷ ভৰলুমুখৰ ৰেলৱে ক্রছিং, ৰাজীৱ ভৱনৰ সন্মুখত, ডাউন টাউন হাস্পতালৰ সন্মুখত, হাৰিয়ানা ভৱনৰ পৰা ফটাশিলত প্রৱেশ কৰা পথত, কালিচৰণ দাস নার্চিং হোমৰ পৰা লাল গণেশ পাৰ হৈ গড়ভঙা পথ পর্যন্ত উৰণ সেতু নির্মাণ কৰা হব বুলিও তেওঁ কয়৷ ৰিজার্ভ বেংকৰ পৰা বামুণীমৈদামলৈ  ৬ কিলোমিটাৰ দৈর্ঘ্যৰ এখন উৰণ সেতুৰ নির্মাণৰ নিবিদা প্রক্রিয়া সমাপ্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা বছৰ পূজাৰ আগে আগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ সংযোগী দলংখন ৰাইজৰ সেৱাত উৎসর্গিত কৰা হব৷ ইয়াৰ ফলত মালিগাঁও অঞ্চলৰ যানজঁট বহু পৰিমাণে হ্রাস পাব বুলিও তেওঁ কয়৷ দুর্গাপূজাৰ মহাপঞ্চমীৰ দিনা জুৰোডৰ শ্রদ্ধাঞ্জলি উৰণ সেতুখন ৰাইজৰ বাবে উৎসর্গিত কৰা হব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অকল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ অন্যান্য চহৰসমূহতো উৰণ সেতু নির্মাণ কৰা হৈছে৷ অতি সোনকালে শিলচৰত একেলগে ৩ খন উৰণ সেতু উদ্বোধন কৰা হব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে বৰপেটা ৰোড, যোৰহাট, ডিব্রুগডত অতি শীঘ্রে উৰণ সেতু শুভ উদ্বোধন কৰা হব৷ তেওঁ লগতে কয় যে তেজপুৰৰ  মিছন চাৰিআলিত আন এখন উৰণ সেতুৰ নির্মাণৰ কাম চলি আছে৷ ২২ খন উৰণ সেতুৰ লগতে দলং নির্মাণ হোৱাৰ উপৰি প্রায় ২১ খন উৰণ সেতু আৰু দলং নির্মাণৰ শেষ পর্যায়ত উপনীত হৈছে বুলিও তেওঁ কয়৷ অহা ৪ -৫ মাহৰ ভিতৰত শুৱালকুছি–পলাশবাৰী দলং নির্মাণৰ কাম আৰম্ভ হব বুলি উল্লেখ কৰি তেওঁ কয় যে কুৰুৱা আৰু নাৰেংগীৰ মাজতো আন এখন দলং নির্মাণ কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈর্ঘ্যৰ উৰণ সেতু নির্মাণৰ বাবে পদক্ষেপ লোৱা হৈছে৷ লোক নির্মাণ বিভাগে এতিয়ালৈকে প্রায় ৮৪২ খন দলং সম্পূর্ণ কৰিছে আৰু অতি কম দিনৰ ভিতৰতে আন ১ হাজাৰ খন দলং নির্মাণৰ কাম হাতত লোৱা হব বুলিও তেওঁ কয়৷ গুৱাহাটী মহানগৰীত পর্যাপ্ত মুকলি ঠাইৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মালিগাঁৱত অমৃত উদ্যান আৰু হেঙেৰাবাৰীত নতুন উদ্যান মুকলি কৰা হৈছে৷ দুর্গা পূজাৰ আগে আগে গুৱাহাটীৰ ফাঁচিবজাৰত নির্মাণ হৈ থকা বটানিকেল গার্ডেনৰ লগতে পুৰণি উপায়ুক্ত কার্যালয়ত নির্মাণ হৈ থকা উদ্যানখনো ৰাইজৰ বাবে মুকলি কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে যি প্রযুক্তি এসময়ত দিল্লী আৰু মুম্বাইত দেখা পোৱা গৈছিল সেই প্রযুক্তি এতিয়া গুৱাহাটীত দেখিবলৈ পোৱা যাব৷ অতি কম দিনৰ ভিতৰত কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে কৰিডৰ নির্মাণ হৈ উঠিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কামাখ্যা ষ্টেশ্যনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰপৱেৰে যোৱাৰ বাবেও পদক্ষেপ লোৱা হব৷ তেওঁ লগতে কয় যে ২০২৬ চনৰ আগতে এই সপোন বাস্তৱত পৰিণত হব৷ পানী যোগান গুৱাহাটীবাসী ৰাইজৰ বাবে এটা ডাঙৰ সমস্যা বুলি মন্তব্য কৰি তেওঁ কয় যে অহা কেইদিনৰ মানৰ ভিতৰতে গুৱাহাটীত আৰু ২০ হাজাৰ লোকে পানীৰ সংযোগ পাব পৰাকৈ ব্যৱস্থা গ্রহণ কৰা হব৷ পষ্চিম গুৱাহাটী অঞ্চলত আংশিকভাৱে সম্পূর্ণ হৈ থকা পানী যোগান আঁাঁচনিখন সম্পূর্ণ কৰাৰ বাবে এক নতুন প্রচেষ্টা আৰম্ভ কৰা হব বুলিও তেওঁ কয়৷  বাইহাটা চাৰিআলিৰ পৰা নাৰেংগী, কুৰুৱাৰ পৰা জাগীৰোড হৈ দিছপুৰলৈ এটা ৰিং ৰোড নির্মাণ হব৷ ২০৩০ চনলৈ কি কৰা হব তাৰ বাবেও পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হব৷ আধুনিক অসম গঢাৰ বাবে প্রসৱ বেদনা সকলোৱে লব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ সমালোচনা কৰিলে সৃষ্টি অথবা আৰম্ভণি নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এইখন সমর্পিত চৰকাৰ৷ দিনে–নিশাই ভাল–বেয়া কথা পান কৰি ৰাইজৰ মংগলৰ বাবে কাম কৰি যাব বুলিও তেওঁ কয়৷ আকাশ স্পর্শ কৰাৰ লক্ষ্যৰে এই চৰকাৰখনে কাম কৰি যাব৷ সমালোচনা কৰা ব্যক্তিৰ আত্মবিশ্বাসৰ অভাৱ বুলিও তেওঁ কয়৷ অসমৰ অৰুণোদয় আঁচনিৰ আদর্শৰে কর্ণাটক আৰু মধ্যপ্রদেশ চৰকাৰে এনে ধৰণৰ আঁাঁচনি লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ চিন্তা আৰু প্রযুক্তিৰ উৎস এদিন উত্তৰ পূবৰ পৰা হব লাগিব৷ তেওঁ কয় যে অসমীয়াই ইচ্ছা কৰিলে বিশ্ব বিজয় কৰিব পাৰে৷ নীলাচল উৰণ সেতুৱে আত্মবিশ্বাস আৰু প্রযুক্তিৰে আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগাইছে৷ গুৱাহাটী–উত্তৰ গুৱাহাটী দলঙে আধুনিক অসমৰ পৰিচয় বহন কৰিব বুলিও তেওঁ কয়৷ শ্রীশ্রী মা কামাখ্যা দেৱীৰ আশীর্বাদ আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদর্শৰে এই দিগবিজয় যাত্রা আব্যাহত থাকিব বুলি উল্লেখ কৰি  মুখ্যমন্ত্রীয়ে কয় যে সমর্পিত মনোভাৱেৰে অসমৰ উন্নয়নৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব৷ অনুষ্ঠানত মন্ত্রী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়ক ক্রমে অতুল বৰা, সিদ্ধার্থ ভট্টাচার্য, ৰমেন্দ্র নাৰায়ণ কলিতা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আৰক্ষী সঞ্চালক প্রধান জি পি সিং প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷
Featured