শনিবাৰে ৰঙাপৰালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাঃ অংশগ্ৰহণ কৰিব চাৰিটাকৈ অনুষ্ঠানত 

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত কাইলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । প্ৰাপ্ত তথ্য মতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ সমষ্টিটোৰ ৰঙাপৰাত পুৱা ৮:৩০ বজাত উপস্থিত হ’ব । তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙাপৰাত নিৰ্মীয়মান উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰিব। লগতে ৰঙাপৰা পৰিদৰ্শন বঙলাতো এক অনু্ষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী বালিপৰাত উপস্থিত থাকিব । বালিপৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বালিপৰাৰ উদমাৰীগাঁৱৰ বাসিন্দা , সদ্যপ্ৰয়াত প্ৰাক্তন সৈনিক তথা তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ সংস্পৰ্শ লাভ কৰিবলৈ সক্ষম হোৱা নৰেন চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰিব । তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে খনামুখৰ সমীপৱৰ্তী জীয়াভৰলীৰ নৈত বৈজ্ঞানিক পদ্ধতিৰে খননকাৰ্যৰ কাৰ্যৰ শুভাৰম্ভ কৰিব । আটাইকেইটা অনুষ্ঠানত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে জনসংযোগ মন্ত্ৰী পিযুজ হাজৰিকা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচব দাস, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীও উপস্থিত থাকিব । উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা পিছত ৰঙাপৰা সমষ্টিত এয়া প্ৰথম ভ্ৰমণ ।