বৰভাগ মহাবিদ্যালয়ৰ বিশেষ বক্তৃতানুষ্ঠানত বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : আধুনিক শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিছিল তিনিটা বস্তুক কেন্দ্ৰ কৰি। জ্ঞান আহৰণ, বস্তুৰ পৰিচয় আৰু বিষয় উৎপত্তি। আন এটা বিষয় বৃত্তিৰ উৎকৰ্ষক আধুনিক শিক্ষা ব্যৱস্থাই গুৰুত্ব দি আহিছে যদিও  ই শিক্ষা সমগ্ৰ নহয়। শিক্ষা ব্যৱস্থাৰ উৎস বক্তৃতা, পুথিভঁৰাল আৰু বিশ্বকোষৰ দৰে ত্ৰুটী ব্যৱস্থাই বিদ্যাৰ্থীৰ প্ৰতি দৃষ্টিপাত নকৰে। মানুহৰ অন্তৰ্নিহিত জ্ঞানৰ পূৰ্ণতাই হ’ল শিক্ষা। এই মন্তব্য বিশিষ্ট চিন্তাবিদ, সাহিত্য অকাডেমি অনুবাদ বঁটা বিজেতা দিগন্ত বিশ্ব শৰ্মাৰ। আজি নলবাৰী জিলাৰ  বৰভাগ মহাবিদ্যালয় আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আয়োজিত বিশেষ বক্তৃতানুষ্ঠানত বক্তা হিচাপে অংশগ্ৰহণ কৰি ‘ আধুনিক শিক্ষাৰ আদৰ্শ আৰু ভাৰতৰ সনাতন শিক্ষা দৃষ্টি ‘ শীৰ্ষক  বিষয়ৰ ওপৰত ভাষণ দি তেওঁ পুণৰ কয়  নিৰ্দিষ্টকৈ নিৰ্বাচন কৰি দিয়া শিক্ষক, বিষয়বস্তু আৰু নম্বৰৰ বিপৰীতে  ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ নিৰ্ধাৰণ  স্বতন্ত্ৰ কৰি লোৱাৰ সুযোগ দিব লাগে । বৰ্তমানৰ শিক্ষাব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়। আমি বিদ্যাৰ্থীৰ সৈতে সৰল নৈসৰ্গিক সম্বন্ধ স্থাপন নকৰোঁ। মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ বিৰিঞ্চি চৌধুৰীৰ সঞ্চালনাত আৰু অধ্যাপক ডঃ অনুপম দত্তই আঁত ধৰা বক্তৃতানুষ্ঠানটোত  বিশিষ্ট চিন্তাবিদগৰাকীয়ে ভাৰতৰ সনাতন শিক্ষা আৰু দৃষ্টি সম্পৰ্কে স্বামী বিবেকানন্দ, শ্ৰীঅৰবিন্দৰ বিভিন্ন উক্তিৰ প্ৰসংগৰে  তত্বগধুৰ বিশ্লেষণ কৰি  কয় ‘তুমি যদি জগতখন পৰিৱৰ্তন কৰিবলৈ বিচাৰিছা আনক পৰিৱৰ্তন হবলৈ দিয়াৰ আগতে নিজক পৰিৱৰ্তন কৰিব লাগিব। জ্ঞানৰ সাধনা এটা যুগৰ পৰা আন এটা যুগলৈ কঢ়িয়াই নিব লাগিব। বৰ্তমানৰ কোনো স্থায়িত্ব নাই। বৰ্তমানৰ প্ৰতিটো মূহুৰ্ত অতীতলৈ ৰূপান্তৰিত হৈ আছে। ‘ আনহাতে  বৰ্তমান অভিজাত তন্ত্ৰৰ বাবেই মাতৃভাষাৰ শিক্ষাক স্বীকাৰ কৰি ল’ব পৰা নাই বুলিও তেওঁ মতপ্ৰকাশ  কৰে।  অনুষ্ঠানৰ  পূৰ্বে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে বৰভাগ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ বীৰেন্দ্ৰ ডেকাই । শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয় খনৰ উপাধ্যক্ষ ( শৈক্ষিক) ডঃ কৰুণা বৰুৱাই ।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ
Featured