আমচৈৰ বেলতলাত ১৪জন ক’ভিড ১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ আমচৈ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা কর্মীসকলে হাটবৰ চিকিৎসালয়ৰ সহযোগত ২১ ছেপ্টেম্বৰত বেলতলা প্ৰাথমিক বিদ্যালয় প্রাংগণত অনুষ্ঠিত কৰা চিকিৎসা শিবিৰত মুঠ ১৫৭ গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে।

এই পৰীক্ষা শিবিৰত বেলতলা চাৰিআলিৰ ব্যৱসায়ীকে আদি কৰি বাৰগোগ আৰু বেলতলা ৰাভাচুকৰ মুঠ ১৪ গৰাকীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ থকা ধৰা পৰে । আমচৈ ৰাজ্যিক চিকিৎসালয়ে আটাইকেইজন ৰোগীকেই লগে লগে হোম কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰে ।

অঞ্চলটোৰ আশা স্বাস্থ্যকর্মীসকলে নিশা ৭ বজালৈকে এই ৰোগীসকলৰ স্বাস্থ্য ব্যৱস্থা কৰা পৰিলক্ষিত হয়।