দেওপানীত অবৈধ চুলাই মদ আৰু বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  আজি কাৰ্বি আংলং জিলা দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত দেওপানী মা দুৰ্গা মন্দিৰৰ চৌদিশে অবৈধ ভাৱে গঢ়ি উঠা চুলাই মদ আৰু বিলাতী সুৰাৰ ঘাটি সমূহত অভিযান চলাই বহু পৰিমানৰ বিলাতী সুৰা আৰু চুলাই মদ জব্দ কৰে ৷ দেওপানীকে ধৰি শান্তিপুৰ খেকৰাজান আদি অঞ্চলত যি ধৰণে এচাম অসাধু ব্যৱসায়ীয়ে অবৈধ ভাৱে চুলাইমদ বিলাতী সুৰা আৰু লালি গুৰৰ অবাধ প্ৰচলন আৰু মুকলি ব্যৱসায়ত নামি পৰিছে তাকেলৈ স্থানীয় সচেতন লোক সকল চিন্তিত হৈ পৰিছে ৷ বিশেষকৈ অবৈধ্য চুলাই মদ সমূহে সমাজ খনক যি ধৰণে কলুষিত কৰি আহিছে সেইটো সকলোৰে বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বিআংলং জিলা সমিতি আৰু আবকাৰী বিভাগৰ আকস্মিক এই যুটীয়া অভিযানে অঞ্চল সমূহক এক ভৱিষ্যত বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি অনুমান কৰিব পাৰি ৷