প্ৰাণ পাই উঠিছে ঢকুৱাখনাৰ ম’হঘুলি চাপৰি

🔹 ১০ মে’ৰ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

নিয়মীয়া বাৰ্তা, ৯ মে’ : ঢকুৱাখনাৰ জনজীৱনৰ আয়ুস ৰেখা চিৰপ্ৰবহমান চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত ১০ মে’ৰ পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব ঐতিহ্যমণ্ডিত ফাটবিহু ৷ প্ৰায় ৩৫ লাখ টকা ব্যয়সাপেক্ষে উদযাপন কৰিব লগা ফাটবিহু উদযাপনৰ প্ৰস্তুতি সম্পন্ন কৰিছে উদযাপন সমিতিৰ লগতে ফাটবিহু সমিতিয়ে ৷ সকলো জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত পৰিণত হৈ অহা চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিৰ ফাটবিহুতলীত উদযাপিত হ’ব ঢকুৱাখনাবাসীৰ ঐতিহ্যমণ্ডিত বাপতিসাহোন লোক উৎসৱ ফাটবিহু ৷ ইতিমধ্যে উদযাপন সমিতিৰ লগতে ১০খন উপ-সমিতিয়ে অতিথি আপ্য়ায়ানৰ ব্যৱস্থাকে ধৰি সম্পন্ন কৰি তুলিছে যাৱতীয় প্ৰস্তুতি ৷ চাৰিকড়িয়া নৈৰ পাৰৰ চিৰসেউজ পৰিৱেশত অৱস্থিত ম’হঘুলি চাপৰিৰ স্থায়ী ফাটবিহু মঞ্চ নকৈ সজাই তোলাৰ লগতে প্ৰতিজোপা গছ-বিৰিখো প্ৰাণ পাই উঠিছে শিল্পীৰ শেষ পৰশত ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured