ধুবুৰীত বৰ্ণাঢ্য শোভাযাত্ৰাৰ অন্তত বৰলুইতত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ষষ্ঠীৰ পৰা দুৰ্গা বন্দনাৰে মুখৰিত হৈ থকা ধুবুৰীৰ স্থানীয় পূজা মণ্ডপসমূহত বৰ্তমানে বিৰাজ কৰিছে এক বিষাদমুখৰ পৰিৱেশ৷ আজি দশমীৰ দিনা ধুবুৰী হৰিসভা, কালিবাৰী ধৰি  সকলো পূজা কমিটি আৰু ব্যক্তিগত পৰিয়ালসমূহত অনুষ্ঠিত হোৱা পূজাৰ দুৰ্গা প্ৰতিমাক চহৰখনৰ কাষেৰে বৈ যোৱা বৰলুইতত বিসৰ্জন দিয়া হয়৷  বৰলুইতৰ পাৰৰ ইতিহাসগৰকা  নেতাই ধুবুনী পাৰঘাটৰ সমীপত জিলা প্ৰশাসনে পূৰ্বে নিৰ্ধাৰিত কৰি দিয়া বিসৰ্জনথলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজত স্থানীয় পূজা কমিটিসমূহে নিজৰ নিজৰ দূৰ্গা প্ৰতিমা বিসৰ্জন দিয়ে৷ দীৰ্ঘদিনীয়া পৰম্পৰাৰ অক্ষুণ্ণ ৰাখি এইবেলিও বিসৰ্জন পূৰ্বে আজি  দিনৰ প্ৰায় ১২ বজাত ধুবুৰী চহৰৰ স্থানীয় গড়কাপ্টানী পথ সংমণ্ডলৰ কাৰ্য্যালয়ৰ সমীপৰ জিটিবি ৰোডেৰে স্থানীয় পূজা কমিটিসমূহে নিজৰ নিজৰ দুৰ্গা প্ৰতিমাসমূহ ট্ৰাক একোখনত লৈ একলেগে শাৰী পাতি উলিয়ায় এক বিশাল শোভাযাত্ৰা নৃত্য–গীত–মাতেৰে ৰাজপথ মুখৰিত কৰি হোৱা সেই শোভাযাত্ৰাটো চাবলৈ বহু সময় ধৰি অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি চহৰখনৰ বিভিন্ন অঞ্চলৰ লোকে দেৱী দুৰ্গাক এই বছৰৰ বাবে বিদায় জনায়। উল্লেখ্য যে জিলা উপায়ুক্ত অন্বামুথন এম পি আৰু ধুবুৰী আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত উলিওৱা সেই শোভাযাত্ৰাটো চহৰখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমী বিসৰ্জনৰ পূৰ্বনিৰ্ধাৰিত স্থানত সন্ধিয়াৰ ফালে উপস্থিত হয় আৰু আৰক্ষীৰ কটকটীয়া নিৰীক্ষণৰ মাজেৰ্ ক্ৰমনুসৰি পূজা কমিটিসমূহৰ দূৰ্গা প্ৰতিমাসমূহ এটা এটাকৈ বিসৰ্জন দিয়ে আভ্যন্তৰীণ জলপৰিবহন বিভাগ আৰু এচডিআৰএফ বাহিনীয়ে। দেৱী দুৰ্গাৰ বিসৰ্জন চাবলৈ অহা লোকেৰে লোকাৰণ্য হৈ পৰা চহৰখনৰ ১নং ৱাৰ্ডস্থিত লুইতৰ পাৰঘাটত সৃষ্টি হোৱা দেখা যায় এক মেলা সদৃশ পৰিৱেশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured