ধুবুৰীত ম’বাইলৰ দোকানত উদ্ধাৰ হ’ল এ কে–৪৭ৰ গুলী

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  দেওবাৰে ধুবুৰীৰ নিউঘাট বাহাদুৰটাৰীত আৰক্ষীয়ে এক অভিযান চলাই এ কে–৪৭ৰ ১৬টা গুলী উদ্ধাৰ কৰে৷ গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অঞ্চলটোৰ ‘জে মোবাইল’ নামৰ দোকান এখনত অভিযান চলাই এটা পেকেটৰ পৰা এ কে–৪৭ৰ গুলীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ দোকানখনৰ স্বত্বাধিকাৰী জহিৰুল ইছলামক আৰক্ষীয়ে আটক কৰে৷ বিষয়টো সন্দর্ভত অনুসন্ধান চলাই জহিৰুল ইছলামৰ জ্যেষ্ঠ ভাতৃ মহম্মদ শ্বৰিফুলকে ধৰি জাইদুল ইছলাম নামৰ আন দুজন লোককো আৰক্ষীয়ে আটক কৰা বুলি প্রকাশ৷ তিনিওকে ধুবুৰী সদৰ থানাত জেৰা চলাই আছে৷