ডিব্ৰুগড়ত দুৰ্লভ ধনেশ পক্ষীক হত্যাৰ প্ৰচেষ্টা

নিয়মীয়া বাৰ্তা,২৫মাৰ্চঃজীৱশ্ৰেষ্ঠ মানুহৰ হাতত যেন আজিও অসুৰক্ষিত পক্ষীকুল।বিশ্বৰ বুকুৰ পৰা প্ৰকৃতি ধ্বংস হোৱাৰ দৰেই বহু দুৰ্লভ পক্ষী আজি জীৱশ্ৰেষ্ঠৰ হাতত অকালতে নিধন হব লগা হৈছে।ডিব্ৰুগড়ৰ মোহনবাৰীৰ সমীপবৰ্তী গনেশবাৰীত তেন এক ঘটনা সংঘটিত হোৱাত সমগ্ৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।উক্ত অঞ্চলত আজি পুৱাৰ ভাগত কোনো অসাধু লোকে এটি ধনেশ পক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোৱে বেচ চৰ্চা লভিছে।সৌভাগক্ৰমে দুৰ্লভ পক্ষীটো গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ পূব সৰুপথাৰ অঞ্চলৰ জ্যোতিষ বৰুৱাৰ বাৰিত পৰে।সেই খবৰ লাভ কৰি প্ৰকৃতিপ্ৰেমী নকুল খাউণ্ড ঘটনাস্থলীত উপস্থিত হয়।খাউণ্ডে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ বন বিভাগক অৱগত কৰাত বিভাগৰ লোক উপস্থিত হৈ তিনিচুকীয়াৰ গুইজানৰ কেম্পলৈ চিকিৎসাৰ বাবে ধনেশ পক্ষীটোক প্ৰেৰণ কৰে।সজাগতাৰ অভাৱৰ বাবেই এচাম লোকে এনদৰেই পক্ষীক হত্যা কৰি বিভিন্ন সময়ত বিক্ৰী কৰা নাইবা নিজে ভক্ষণ কৰা খবৰে সকলো প্ৰকৃতি তথা পক্ষীপ্ৰেমীক ব্যথিত কৰি আহিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।