জীৱিকাৰ পথ নির্মাতা হিচাপে শিক্ষার্থীক গঢ় লোৱাৰ আহ্বান

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ ডদ্যোগত আজি ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক এটি বিশেষ বত্তৃণতানুষ্ঠান অনুষ্ঠিত হৈ যায়৷ বত্তৃণতানুষ্ঠানটোৰ সমল ব্যক্তি ২০২০ বর্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক, বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শর্মাহ জীৱনৰ সার্থকতাৰ বাবে পাৰমার্থিক জ্ঞান তথা আত্মবিশ্বাস, আত্মবিশ্লেষণ আদিৰ গুৰুত্ব সম্পর্কে বিভিন্ন ডপনিষদীয় কাহিনী–ডদ্ধৃতিৰে ব্যাখ্যা কৰি শিক্ষার্থীসকলক জীৱনৰ লক্ষ্য কেৱল চাকৰি লাভ কৰাই নহয়, জীৱিকাৰ পথ নির্মাণকৰোঁতা হিচাপে নিজকে গঢ়ি তুলিবলৈ অনুপ্রেৰণা যোগায়৷ মহাবিদ্যালয়ৰ ডপাধ্যক্ষ ড০ ৰীণা সন্দিকৈয়ে বন্তি প্রজ্বলনেৰে শুভ আৰম্ভ কৰা অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়ালে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তহ আদৰণী ভাষণত নৱপ্রজন্মৰ বাবে বিষয়টোৰ প্রাসংগিকতা তথা গুৰুত্ব সম্পর্কে অভিমত প্রকাশ কৰি কয় যে জীৱনৰ সার্থকতা নির্ভৰ কৰে মহত্ত্বতম লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতাৰ ওপৰত৷ এহ অভিমতৰ আঁত ধৰি সমল ব্যক্তি দিগন্ত বিশ্ব শর্মাহ শ্রীৰামকৃষ পৰমহংস, স্বামী বিবেকানন্দ, শ্রীৰবিন্দ আদি বৰেণ্য পণ্ডিতৰ জীৱন–দর্শন, আদর্শৰ ডদ্ধৃতিৰে প্রাচীন ভাৰতীয় সাহিত্য–সংস্কৃতিৰ ঐতিহ্য, মহত্ত্ব, আধ্যাত্মিক মূল্যবোধৰ প্রয়োজনীয়তা হত্যাদি সম্পর্কে এক মননশীল বত্তৃণতা প্রদান কৰে৷ তদুপৰি শিক্ষার্থীসকলক ডদ্দেশ্য কৰি তেওঁ পৰিপূর্ণ জীৱনৰ সংজ্ঞা, ব্যক্তিত্বৰ পৰিপূর্ণতাৰ বাবে আত্মাৰ জ্ঞানৰ সমান্তৰালভাৱে ব্যৱহাৰিক জ্ঞানৰ প্রয়োজনীয়তা হত্যাদি দিশ সামৰি সাৰগর্ভ তথা ৰসপূর্ণ বক্তব্য আগবঢ়ায়৷ বক্তব্যৰ অন্তত সমল ব্যক্তিগৰাকীয়ে অংশগ্রহণকাৰীসকল্ বিভিন্ন প্রশ্ণৰ ডত্তৰ প্রদান কৰে৷ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড০ পৱন কুমাৰ গগৈ, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ সুৰজিত শহকীয়াকে প্রমুখ্য কৰি, কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ কেডটা বিভাগৰে শিক্ষক, শিক্ষার্থী, কর্মচাৰী আদিৰ অংশগ্রহণে বত্তৃণতানুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে৷
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অনুষ্ঠানতো অংশ ল’লে দিগন্ত বিশ্ব শর্মাই
বাহ্যিক সুখতকৈ আত্মাৰ সুখৰ অধিক প্রয়োজন৷ শুদ্ধ জীৱন আৰু সত্য আত্মাহ এজন লোকক প্রকৃত সুখ প্রদান কৰিব পাৰে৷’ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত আজি ‘ব্যক্তি গঠন আৰু ৰাষ্ট্র নির্মাণ’ শীর্ষক এখন বত্তৃণতা অনুষ্ঠানত ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ বিষয়ত মূল বক্তাৰূপে ডপস্থিত থকা বিশিষ্ট অনুবাদক, শ্রীৰাম কৃষ, বিবেকানন্দ, শ্রী অৰবিন্দৰ অনুৰাগী দিগন্ত বিশ্ব শর্মাহ ব্যক্তি জীৱন আৰু আত্মা সন্দর্ভত এহদৰে কয়৷ মহাবিদ্যালয়খনৰ অধ্যাপক ড০ পংকজ জ্যোতি হাজৰিকা আৰু ড০ ৰাতুল দত্তৰ তত্ত্বাৱধানত পৰিচালিত অনুষ্ঠানটো শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ ছাত্রী পৰিণীতা বৰুৱাৰ এটি বৰগীতেৰে৷ অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে ডপস্থিত থাকে বিদ্যালয়সমূহৰ পৰিদর্শকগৰাকী৷একেটা অনুষ্ঠানতে ছাত্র একতা সভা আৰু শৈক্ষিক দিশ ডভয়তে ভাল পাৰদর্শিতা দেখুওৱা কংকন শর্মাক বঁটা প্রদান কৰাৰ লগতে এন এছ এছ আৰু এন চি চিৰ যোগেদি সুনাম কঢ়িয়াহ অনা মহাবিদ্যালয়ৰ ছাত্র বিশাল দত্ত, হংগিত ৰাজ গগৈ আৰু হাচিম আহমেদক বঁটা প্রদান কৰা হয়৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তহ সভাপতিত্ব কৰা সমগ্র অনুষ্ঠানটোত অনুবাদক, সাম্প্রতিক সময়ৰ সুবক্তা দিগন্ত বিশ্ব শর্মাহ আত্মাৰ পৱিত্রতা, আত্ম বিশ্লেষণ, আত্মানুসন্ধান, আত্মশুদ্ধি, আত্ম ডপলব্ধি, শিক্ষাৰ জ্যোতি, জ্ঞানযাত্রাৰ শ্রদ্ধা, মূল্যবোধৰ শিক্ষা আদিকে ধৰি বিভিন্ন মানৱীয় প্রমূল্যবোধ বিষয়ত গভীৰ বিশ্লেষণ দাঙি ধৰে৷ তেওঁ কয় যে আজিৰ দিনত এজন লোক সুখী হ’বৰ বাবে কেৰিয়াৰ, আর্থিক আয়, জনপ্রিয়তা আৰু ক্ষমতাক সর্বস্ব বুলি আমি স্বীকাৰ কৰি লৈছেছা৷ কিন্তু এহসমূহে মানুহৰ জীৱনত প্রকৃত সুখ, শান্তি, আনন্দ আৰু বিমলতা প্রদান কৰিব পাৰিছে নে? যদি পাৰিছে তেন্তে আহ এ এছ পৰীক্ষাত প্রথম হোৱা, বহুশ কোটিটকীয়া কোম্পানীৰ গৰাকী অথবা বিখ্যাত অভিনেতাহ কিয় আত্মহত্যা কৰে? কাৰণ ধন আৰু ক্ষমতাহ প্রকৃত সুখ আৰু শান্তি প্রদান কৰিব নোৱাৰে৷ মানুহৰ প্রকৃত সুখ আহে আত্মাৰ প্রশান্তিৰ পৰা৷ এহ সুখৰ বাবে এজন ব্যক্তিয়ে আৰম্ভণিৰে পৰা ভাৰতীয় সংস্কৃতিয়ে দেখুৱাহ যোৱা আত্মিক পথসমূহ অনুসৰণ কৰা দৰকাৰী৷ এক সবল সাংস্কৃতিক মনে এজন দৃঢ় ব্যক্তি গঠন কৰে৷ একো একোজন আত্মিক আৰু সাংস্কৃতিক মানুহৰ দ্বাৰাহে এখন ৰাষ্ট্র নির্মাণ সম্ভৱ বুলি তেওঁ ডল্লেখ কৰি তেওঁ কয় যে আন্তঃজীৱন প্রৱাহৰ সৈতে বাহ্যিক জীৱন প্রৱাহৰ এক সামঞ্জস্য থাকিলেহে এজন লোক প্রকৃততে সুখী হোৱা সম্ভৱ৷