মৰিয়নিত জন্মদিন উপলক্ষে হিমন্ত বিশ্ব শৰ্মা ফেনছ ক্লাবৰ গৰম কাপোৰ বিতৰণ

বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষ্যে আজি মৰিয়নিত হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱে এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰ আয়োজন কৰে। মৰিয়নিৰ ৰে’লৱে ইনষ্টিটিউট প্ৰাংগণত অনুষ্ঠিত কাৰ্য্যসূচীৰ পুৱা পতাকা উত্তোলন কৰে হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ সভাপতি দ্বীপেন চেতিয়াই। গছপুলি ৰোপণ কাৰ্য্যসূচী মুকলি কৰে সম্পাদক উত্তম ধৰে। ইয়াৰ পিছতেই জন্মদিন উপলক্ষ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নামত কেক কাটি অনুষ্ঠান মুকলি কৰে মৰিয়নিৰ বিধায়ক তথা হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ উপদেষ্টা ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নি নকছাৰীৰ ‘ঢোল বায় ঢুলীয়া’ মহিলা বিহুদলৰ বিহু প্ৰদৰ্শনে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটোত বৰ্ষীয়ান মহিলা এলিছ চেতিয়াই নৃত্যানুষ্ঠান পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। সভাপতি দ্বীপেন চেতিয়াই আদৰণি ভাষন প্ৰদান কৰাৰ অন্তত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ জন্মদিনটোত দৰিদ্ৰ লোকক সহায় কৰাৰ উদ্দেশ্যৰেই এই অনুষ্ঠানৰ আয়োজন কৰা বুলি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰে। পিযুছ শৰ্মাই আঁ‌ত ধৰা এই অনুষ্ঠানতে এহেজাৰ দৰিদ্ৰ লোকৰ মাজত গৰম কাপোৰ, কম্বল বিতৰণ কৰা হয়। অনুষ্ঠানটোত যুৱ সমাজকৰ্মী জিয়াউৰ ৰহমান, মৰিয়নি পৌৰসভাৰ পৌৰসদস্যাত্ৰয় কস্তুৰী আগৰৱালা গগৈ, চুমকি মজুমদাৰ দত্ত আৰু গায়ত্ৰী চক্ৰৱৰ্তী, বিবেক দত্ত, অমৃত ধৰ, দীপু দত্ত, ৰঞ্জিত সৰকাৰ, প্ৰাঞ্জল ফুকন, ত্ৰিদীপ গগৈ, ৰমেন চেতিয়া, কৃষ্ণ গোপাল দেৱ, মন্টু মাল আদি উপস্থিত থাকে। উল্লেখযোগ্য যে, মৰিয়নিৰ হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে একাধিক উন্নয়নমূলক কাম কৰি আহিছে। সম্পূৰ্ণ নিজাববীয়াকৈ তেওঁলোকে এনে উন্নয়নমূলক কামসমূহ কৰি আহিছে। আজি এহেজাৰ দৰিদ্ৰ লোকৰ মাজত এইদৰে বিনামূলীয়াকৈ গৰম কাপোৰ, কম্বল বিতৰণ কৰা কাৰ্য্যক স্থানীয় সচেতন লোকে শলাগ লৈছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

Featured