ড০ কনকসেন ডেকা-ডাঃ নৰেন্দ্ৰ নাথ বৰ্মনলৈ ‘বেলশৰ ৰত্ন’ সন্মান

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় দুৰ্গোৎসৱত প্ৰথমবাৰৰ বাবে বেলশৰ গাঁৱৰ দুই স্বনামধন্য ব্যক্তি প্ৰতিথযশা সাহিত্যিক, প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কনক সেন ডেকা আৰু বিশিষ্ট চিকিৎসক তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ বৰ্মনক বিশেষ অভিনন্দন জনাই দুয়োগৰাকী বিশিষ্ট নাগৰিকক ‘বেলশৰ ৰত্ন’ সন্মান প্ৰদান কৰিব পূজা উদযাপন সমিতিয়ে। উল্লেখ্য যে ১০ অক্টোবৰত প্ৰদান কৰা হব এই সন্মানটি।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

Featured