ৰূপহীহাটৰ জ্যেষ্ঠ সাংবাদিকক ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ উত্তৰ নগাঁৱত যিমানেই নিচা বিৰোধী অভিযান চলি থকাৰ সময়তে সাংবাদিকক বাট ভেটি নিশা আক্ৰমনৰ চেষ্টা চলোৱাৰ বিস্ফোৰক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। যিমানেই ড্ৰাগছ বিৰোধী অভিযান চলিছে সিমানেই ক্ৰমাত্ ড্ৰাগছৰ আতংক বৃদ্ধি পাইছে। ৰূপহীহাটৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনিৰুল হুছেইন নিশা ঘৰলৈ গৈ থকা অৱস্থা ৰূপহী তিনিআলিত একাংশ ড্ৰাগছ বেপাৰীয়ে বাট ভেটি ধৰি আক্ৰমনৰ চেষ্ঠা চলোৱাৰ পিছতে সাংবাদিক হুচেইনে ৰূপহীহাট থানাত এজাহাৰ দাখিল কৰিছে। সাংবাদিকগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে জনৈক মোজাম্মিল আৰু খালেক নামৰ দুই ব্যক্তিয়ে বাট আগুচি ধৰি হত্যাৰ ভাবুকি দিয়ে। অলপতে দুয়ো ড্ৰাগছৰ সৈতে জড়িত অভিযোগত জেল খাটি অহা বুলি জানিব পৰা গৈছে। এই দুই আচামীয়ে সাংবাদিক হুছেইনক গুলিৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে বুলি এজাহাৰত উল্লেখ। উল্লেখ্য যে অপৰাধৰ বিৰুদ্ধে  মাত মতাৰ বাবেই প্ৰাণৰ ভাবুকি অহা এইগৰাকী সাংবাদিকক ১৯৯৩ চনৰ পৰা ২০১২লৈকে অসম চৰকাৰে দেহৰক্ষী প্ৰদান কৰিছিল। সেই সাংবাদিকগাৰকীক পুনৰ এই দুই আচামীয়ে প্ৰাণনাশৰ ভাবুকি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিক নিগ্ৰহৰ এই ঘটনাক ৰূপহীহাটৰ সকলো সাংবাদিকে গৰিহণা দিয়াৰ লগতে তদন্ত ক্ৰমে শীঘ্ৰেই বিহিত ব্যৱস্থা লবলৈ প্ৰশাসনক দাবী জনাইছে।
প্ৰেৰক জহিৰুল ইছলাম
Featured