বৰপেটাৰ আলোপতি মাজৰচৰত আটক ড্ৰাগছ পেডলাৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ বৰপেটাৰ চেঙাৰ আলোপতিচৰ থানাৰ অন্তৰ্গত মাজৰচৰত ৰাইজে হাতে-লোটে ধৰিলে ড্ৰাগছ পেডলাৰক। আজি সন্ধিয়া মাজৰ চৰৰ মনিৰুল নামৰ ড্ৰাগছৰ পাইকাৰী ব্যৱসায়ীৰ পৰা ৪১টাকৈ ড্ৰাগছভৰ্ত্তি কণ্টেইনাৰ কিনি বিক্ৰীৰ বাবে নিয়া অৱস্থাত খাপ পিটি থকা একাংশৰ হাতত ধৰা পৰিল আব্দুল মান্নান নামৰ অঞ্চলটোৰ বাঘমাৰাচৰ গাঁৱৰ যুৱকজন। মুঠ ৪১টাকৈ ড্ৰাগছৰ কণ্টেইনাৰসহ ধৰা পৰে কুখ্যাত ব্যৱসায়ী যুৱকজন। দীৰ্ঘদিনৰে পৰা ধৃত যুৱকজনে অঞ্চলটোত ড্ৰাগছৰ ছিণ্ডিকেট চলাই থকাৰ অভিযোগ ৰাইজৰ। ড্ৰাগছ পেডলাৰজনক ধৰাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰু প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগতে এনে বৰবিহ সিচৰিত হোৱা বুলি প্ৰতিবাদো সাৱ্যস্ত কৰে ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured