বৰগাঙত ৭৫ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ

বিশেষ বার্তা, ৬ অক্টোবৰ : ক’ভিড বিধ্বস্ত দুটা বছৰ বাদ দি প্ৰতিবছৰৰ দৰে এইবছৰো বিশ্বনাথ জিলাৰ বিহালী বৰগাং সৰ্বজনীন দুৰ্গা পূজা সমিতি আৰু বিধায়ক ৰঞ্জিত দত্তৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰি উলিওৱা ৰাৱণৰ প্ৰতিমূৰ্তি অগণন লোকৰ উপস্থিতিত কালি  দাহ কৰা হয়। বৰগাং নদীৰ পাৰত  সুদূৰ খাৰুপেটিয়াৰ পৰা অহা  কাৰিকৰে ৭৫ ফুট উচ্চতাৰে নিৰ্মাণ কৰি উলিওৱা ৰাৱণৰ প্ৰতিমূৰ্তিত সন্ধিয়া আকৰ্ষণীয় আটছবাজিৰে এক নান্দনিক দৃশ্যৰ অৱতাৰণা কৰি সকলোকে মোহিত কৰাৰ পাছত ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নি সংযোগ কৰি দানহ কৰে বিধায়ক ৰঞ্জিত দত্তই । বিধায়ক দত্তই কয় যে, ৰাৱণ দাহনৰ এই বার্তা যোগে সমাজৰ পৰা অপ শক্তি ,অপায় অমংগল বোৰ আঁতৰ হৈ যাতে সমগ্ৰ বিশ্বতে শান্তি স্থাপন হয় আৰু সকলো সুখ শান্তিত থাকে তাকে কামনা কৰা হৈছে।  বৰগাঙত এই ৰাৱণ দাহনৰ  দৃশ্য উপভোগ কৰাৰ বাবে কেবা সহস্ৰাধিক লোকৰ সমাগম ঘটে।
প্ৰেৰক অমিতাভ বৰুৱা
Featured