উত্তৰ-পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : আজি বিয়লিৰ ভাগত এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি বিয়লি ৪ বাজি ৩০ মিনিট ৫২ ছেকেণ্ডত প্ৰায় ১৭ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.৩ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল নগাঁও জিলাৰ উত্তৰ পূৱ দিশৰ ২৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে বৰ্তমানলৈ ক’তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই। উল্লেখ্য যে যোৱা পহিলা ছেপ্টেম্বৰতো সন্ধিয়াৰ ভাগত এটা মৃদু প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল।

Featured