অৰ্থনীতিবিদ অনন্ত কলিতাৰ দেহাৱসান

বিশেষ বাৰ্তা, ২৭ আগষ্টঃ বিশিষ্ট অৰ্থনীতিবিদ, লেখক তথা ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় ব’ৰ্ডৰ প্ৰাক্তন সঞ্চালক অনন্ত কলিতাৰ আজি দেহাৱসান ঘটে। নলবাৰী জিলাৰ বৰভাগৰ  কমাৰকুছিত জন্মগ্ৰহণ কৰা ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় ব’ৰ্ডৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অনন্ত কলিতাৰ আজি পুৱা ৬.৫২ বজাত এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৭২ চনত ভাৰতীয় ষ্টেট বেংকত কৰ্মজীৱন আৰম্ভ কৰি কলিতাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে বেংকৰ শীৰ্ষতম কৰ্তৃপক্ষ কেন্দ্ৰীয় ব’ৰ্ডৰ সঞ্চালক হিচাপে ছয় বছৰ কাল কাৰ্যনিৰ্বাহ কৰি ২০০৮ চনৰ ৩১ মে’ত অৱসৰগ্ৰহণ কৰিছিল । অৱসৰৰ  পিছৰ পৰাই কলিতাই অসমৰ প্ৰায়বোৰ কাকত-আলোচনীত অৰ্থনীতি আৰু সামাজিক বিষয়ত বস্তুনিষ্ঠ তথা মাৰ্ক্সবাদী দৃষ্টিভংগীৰে পৰ্যালোচনামূলক প্ৰৱন্ধ-পাতি লিখি থৈ আছিল। কলিতাৰ প্ৰকাশপোৱা ছয়খন প্ৰৱন্ধ সংকলনে ইতিমধ্যে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছে। অৰ্থনীতিৰ বাহিৰেও কলিতাই ক’লা-সংস্কৃতি, সাহিত্য, আৰ্থ-সামাজিক, আন্তৰ্জাতিক-দেশীয় আৰু ৰাজ্যিক ৰাজনীতিৰ বিষয়েও অসংখ্য প্ৰৱন্ধ লিখিছে। ভাষিক অসমীয়া জাতিৰক্ষাৰ আন্দোলনৰ ক্ষেত্ৰত তেওঁ অনেক প্ৰৱন্ধ-পাতি লিখি জাতীয় জীৱনত  অৰিহণা যোগাইছে।  ১৯৭৩ চনতে কলিতাই ডঃ হীৰেন গোঁসাইৰ সম্পাদনাত প্ৰকাশিত প্ৰগতিশীল আলোচনী ‘নতুন পৃথিৱী’ৰ পাতত অৰ্থনীতি বিষয়ৰ লেখাৰে লেখক হিচাপে  আত্মপ্ৰকাশ কৰিছিল । কমাৰকুছি গাঁও নিবাসী প্ৰয়াত মোহন চন্দ্ৰ কলিতা আৰু ভদ্ৰেশ্বৰী কলিতাৰ পুত্ৰ অনন্ত কলিতা ১৯৪৭ চনৰ ৩০ জুলাইত জন্মগ্ৰহণ কৰি ১৯৬৫ চনত কমাৰকুছি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীত কলেজীয়া  শিক্ষা সম্পূৰ্ণ কৰে আৰু পাছত গুৱাহাটীতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।

Featured