ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পদপথত উচ্ছেদ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ প্ৰৱেশ পথৰ সন্মুখৰ ৰাজ্যৰ দুইফালৰ পদপথত অবৈধ ভাবে নিৰ্মাণ কৰা বিভিন্ন দোকান-পোহাৰ আজি উচ্ছেদ কৰা হয়। ধুবুৰী চক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মণৰ নেতৃত্বত তথা আৰক্ষী আৰু চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ সহযোগত চলা সেই উচ্ছেদ অভিযানত পদপথৰ সেই অস্থায়ী দোকানবোৰ উঠাই দিয়া হয়। দীৰ্ঘ দিনৰ পৰাই চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ সেই অবৈধ দোকানবোৰ উঠিবলৈ মৌখিক নিৰ্দেশ দিয়া স্বত্বেও সেয়া হৈ নুঠাত আজি এই উচ্ছেদ চলোৱা হোৱা বুলি উপস্থিত সাংবাদিকৰ সন্মুখত সদৰি কৰিছ্ চক্ৰ বিষয়াগৰাকীয়ে। ইয়াতে উল্লেখনীয় যে, খোদ ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এফালৰ প্ৰবেশ দ্বাৰৰ সন্মুখৰ ৰাজপথৰ পদপথত দীৰ্ঘদিনৰ পৰাই বিভিন্ন ক্ষুদ্ৰ ব্যাৱসায়ীয়ে বিভিন্ন ধৰণৰ দোকান-পোহাৰ দি আহিছে। ফলত ৰাজপথৰ সেই অংশখিনিত কাৰ্যালয় খুলা থকা দিনত সৃষ্টি হয় এক বজাৰ সদৃশ পৰিৱেশৰ। ইপিনে ধুবুৰীৰ এন এছ ৰোডৰ মূল বজাৰ অঞ্চলৰ ৰাজপথৰ দুই ফালে থকা পদপথকে ধৰি অইন অঞ্চলৰ পদপথতো বিভিন্ন ব্যৱসায়ীয়ে নিজৰ ব্যাবসায়ী প্ৰতিষ্ঠানৰ বোৰ্ড ৰখাকে ধৰি একাংশই নিজৰ নিজৰ দোকান বয়-বস্তু ৰখাৰ স্থানৰূপে ব্যৱহাৰ কৰি আহিছে। ফলত চহৰখনৰ বহু অঞ্চলৰ পদপথত ৰাইজে খোজকঢ়া কাৰ্যতঃ অসম্ভব হৈ পৰিছে। ঠিক অনুৰূপে ধুবুৰীৰ কেইবাটাও শ্বপিং ম’লৰ নিজস্ব পাৰ্কিং পাৰ্কিৰ ব্যৱস্থা নথকাৰ ফলত সেই শ্বপিং ম’ল কেইটাৰ সন্মুখৰ পদপথ, ৰাজপথ অবৈধ ভাবে পাৰ্কিংৰূপে ব্যৱহাৰ কৰা হৈ আছে আৰু ফলত সেই কেইটাৰ সন্মুখৰ ৰাজপথত নিয়মিত জানজোঁট হোৱাটো স্বাভাৱিক নিয়মত পৰিণত হৈছে। কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাবে চহৰখনত মুকলিভাবেই চলি থকা পদপথ দখলৰ এই ঘটনাক লৈ প্ৰশাসন আৰু ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই চকুমুদা কুলিৰ ভাও ধৰাহে দেখা পাইছে ভূক্তভোগী ৰাইজে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured