শিলসাঁকোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত আন্দোলন

বিশেষ বাৰ্তা, ৩০ জুলাই : শিলসাঁকোৰ উচ্ছেদক লৈ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব আন্দোলন। দেশৰ ৰাজধানীত কৰিব এই আন্দোলন। আজি এখন সংবাদ মেলত এই কথা জনায় শিলসাঁকোৰ উচ্ছেদিতই। সংবাদ মেলত তেওঁলোকে কয়- শিলসাঁকোৰ উচ্ছেদিতই ছয় মাহ ধৰি প্ৰতিবাদ কৰাৰ পাছতো অসম চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে শিলসাঁকোৰ প্ৰতিবাদ দিল্লীলৈ নিয়া হ’ব। কাইলৈ দিল্লী অভিমুখে যাত্ৰা কৰিব ১৫জনীয়া এটা‌ দল। প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ দিল্লীলৈ যাব শিলসাঁকোৰ প্ৰতিবাদকাৰী।তদুপৰি তেওঁলোকে মাটিৰ‌ অধিকাৰ খিলঞ্জীয়াক দিবই লাগিব বুলি দাবী কৰে। চাহিনবাগৰ মহিলাৰ লগতে দল-সংগঠনে দিল্লীৰ আন্দোলনত সহযোগ কৰিব বুলি সংবাদ মেলত জনায়। উন্নয়ন কমিটীসমূহেও কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই, বৰঞ্চ চৰকাৰৰ সৈতে জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে। সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এই আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মেলত সদৰী কৰে।

Featured