শিলচৰত টাইব্ৰেকাৰক লৈ কুৰুক্ষেত্ৰত পৰিণত খেলপথাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : কালি নিশা শিলচৰ চহৰৰ সমীপত মধুৰঘাট এলেকাত ফুটবল খেলক লৈ দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। ইয়াৰ ফলতে খেলুৱৈকে ধৰি কেইবাজনো দৰ্শক আহত হয়। জানিব পৰা মতে, মধুৰামুখ ছুপাৰ ক্লাবৰ পৰিচালনাত মধুৰঘাটত নৈশ ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। যোৱা নিশা এই প্ৰতিযোগিতাৰ ছেমিফাইনেল খেল আছিল। এইদিনা বৰখলাৰ বালিঘাটৰ এটা দল আৰু মধুৰঘাটৰ এটা স্থানীয় দলৰ মাজত ছেমিফাইনেল খেল চলি আছিল। খেল চলি থকাৰ লগে লগে খেলপথাৰখন হঠাতে যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়। প্ৰথমে টাইব্ৰেকাৰক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত কাজিয়া আৰম্ভ হয়। এটা সময়ত দুই পক্ষৰ মাজত হিংসাত্মক পৰিৱেশৰ সৃষ্টি হয়। দুয়ো দল আৰু খেলপথাৰত অনুৰাগীৰ মাজত কাজিয়া আৰম্ভ হয়। এজনে হাতত বেট আৰু লাঠী লৈ আনজনক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই মাৰপিটত দুয়োপক্ষৰ খেলুৱৈকে ধৰি কেইবাজনো দৰ্শক আহত হয়। ইফালে তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰি তেওঁলোকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যায়।

প্ৰেৰক গৌতম তালুকদাৰ

Featured