উধাৰবন্দ থানাত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰী : কাছাৰৰ উধাৰবন্দ থানাত অগ্নিনিৰ্বাপক বাহিনীৰ এজন জোৱানৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে চিপ লৈ আত্মহত্যা কৰে। জোৱানজনৰ নাম অশোক দাস। দেওবাৰে নিশা নিজৰ কোৱাৰ্টাৰত ফাঁচী দি আত্মহত্যা কৰে অশোকে। পাৰিবাৰিক কাজিয়াৰ বাবেই অশোকে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। অশোকৰ ঘৰ বৰখলাত বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি অশোক দাসে উধাৰবন্দ থানাৰ অন্তৰ্গত অগ্নিনিৰ্বাপক বাহিনীত নিয়োজিত আছিল। আৰক্ষীয়ে অশোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।

প্ৰেৰক গৌতম তালুকদাৰ

Featured